যোৰাবাট : যোৰাবাটত বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ। মণিপুৰৰ পৰা যোৰাবাটৰ ১৩ মাইলত বিক্ৰীৰ বাবে সৰবৰাহ কৰিছিল নিষিদ্ধ ব্ৰাউন চুগাৰখিনি।
যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে এক গোপন সূত্ৰৰ পম খেদি ১৫ টা চাবোনৰ বাকচত বিক্ৰীৰ বাবে কৌশলেৰে লুকুৱাই অনা ব্ৰাউন চুগাৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ বজাৰমূল্য প্ৰায় ২ কোটি আৰু ওজন ২০১ গ্ৰাম।
লগতে পঢ়ক – নগাঁও জিলাৰ ৰূপহীহাটত আন এক ধর্ষণকাণ্ড
ঘটনাৰ সৈতে জড়িত দুই সৰবৰাহকাৰী অভয় আৰু ইমৰাণক আটক কৰিছে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে দুটা ম’বাইল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা চলাই আছে।