গুৱাহাটী : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মহানগৰীৰ এখন হোটেলত অনুষ্ঠিত এক জাকজমকতাপূৰ্ণ অনুষ্ঠানত তিনিটা ডুৰাণ্ড কাপ ট্ৰফী উন্মোচন কৰে। উল্লেখযোগ্য যে, ১৩১ বছৰ পুৰণি ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাখন ৰাজ্যখনে প্ৰথমবাৰৰ বাবে আয়োজন কৰিব আৰু পাঁচখন চহৰক অন্তৰ্ভুক্ত কৰি আয়োজিত এই ট্ৰফী ভ্ৰমণৰ অংশ হিচাপে, গ্ৰুপ ডি খেলৰ প্ৰথম ১০ খন গুৱাহাটীত অনুষ্ঠিত কৰিব যিহেতু ১০ খন খেলৰ প্ৰথম আস্থান হিচাপে গুৱাহাটীক বাছনি কৰা হৈছে।
উন্মোচনী অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল কে কে ৰেপছৱাল, এছএম, ভিএছএম, চীফ অফ ষ্টাফ, ইষ্টাৰ্ণ কমাণ্ড আৰু ডুৰাণ্ড আয়োজক সমিতিৰ অধ্যক্ষ, লেফটেনেণ্ট জেনেৰেল কে চি পঞ্চনাথন, এভিএছএম, জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ, এৰিয়া ১০১ আৰু মেজৰ জেনেৰেল বিকাশ চাইনি, এছএম, ভিএছএম*, জিঅ’চি, ৫১ এৰিয়া উপস্থিত থাকে।লেফটেনেণ্ট জেনেৰেল ৰেপছৱালে, এছএম, ভিএছএম, এছএম, ভিএছএম, চিফ অফ ষ্টাফ, ইষ্টাৰ্ণ কমাণ্ড আৰু ডুৰাণ্ড আয়োজক সমিতিৰ অধ্যক্ষ, অনুষ্ঠানত নিজ বক্তব্যত মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে তেওঁৰ ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াই ৰাজ্যত ফুটবল খেলক অধিক জনপ্ৰিয় আৰু প্ৰসাৰ কৰাৰ এই প্ৰচেষ্টাত আমাক উৎসাহিত কৰাৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। অসম চৰকাৰে অভূতপূৰ্ব সহযোগিতা আগবঢ়াইছে আৰু ই ৰাজ্যখনত খেলৰ বাবে এক নতুন আৰম্ভণিৰ সূচনা কৰিব বুলি আমি নিশ্চিত”। উল্লেখযোগ্য যে, শতিকা পুৰণি এই প্ৰতিযোগিতাখন এইবাৰ পূৰ্বতকৈ অধিক প্ৰসাৰিত আৰু উন্নত হৈছে, য’ত যোৱা বছৰৰ ১৬ টা দলৰ তুলনাত এইবাৰ শীৰ্ষ বিভাগৰ ইণ্ডিয়ান ছুপাৰ লীগৰ ১১ টা দলকে ধৰি দেশৰ ২০ টা শীৰ্ষ দলে অংশগ্ৰহণ কৰিছে। গুৱাহাটীত অনুষ্ঠিতব্য খেলসমূহ ১৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২২ লৈকে মহানগৰীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
তিনিটা ট্ৰফী, ডুৰাণ্ড কাপ (এটা ৰোলিং ট্ৰফী আৰু মূল পুৰস্কাৰ), ছিমলা ট্ৰফী (এটা ৰোলিং ট্ৰফী আৰু প্ৰথমে ১৯০৪ চনত ছিমলাৰ বাসিন্দাসকলে প্ৰদান কৰিছিল) আৰু প্ৰেচিডেণ্টছ কাপ (স্থায়ীভাৱে ৰখাৰ বাবে আৰু প্ৰথমবাৰৰ বাবে ১৯৫৬ চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড. ৰাজেন্দ্ৰ প্ৰসাদে উপস্থাপন কৰিছিল) পঞ্চ চহৰ ভ্ৰমণত আছে। ১৯ জুলাই, ২০২২ তাৰিখে এই ভ্ৰমণৰ আৰম্ভণি কলকাতাৰ পৰা হৈছে আৰু দুদিন গুৱাহাটীত থকাৰ পিছত মণিপুৰৰ ইম্ফললৈ যাব, যি এইবছৰ প্ৰথমবাৰৰ বাবে আয়োজক হ’ব। তাৰপিছত এই যাত্ৰা ৰাজস্থানৰ জয়পুৰলৈ আগবাঢ়িব যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ এটা দলে খেলত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছত ৩১ জুলাই, ২০২২ ত কাপসমূহৰ এই ভ্ৰমণ ডিফেণ্ডিং চেম্পিয়ন এফ চি গোৱালৈ আগবাঢ়িব।
অৱশেষত, ৬ আগষ্ট, ২০২২ তাৰিখে অনুষ্ঠিতব্য উদ্বোধনী খেলৰ স্থান আৰু ১৮ ছেপ্টেম্বৰ, ২০২২ তাৰিখে অনুষ্ঠিতব্য ফাইনেল খেলৰ স্থান কলকাতাত কাপসমূহৰ এই যাত্ৰাৰ অন্ত পৰিব। ১৩১ সংখ্যক ডুৰাণ্ড কাপত মুঠ ৪৭ খন খেল অনুষ্ঠিত হ’ব, গুৱাহাটী আৰু ইম্ফল দুয়োঠাইতে গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ ১০ খনকৈ খেল অনুষ্ঠিত হ’ব, আনহাতে সাতখন নকআউট খেলৰ আটাইকেইখনেই পশ্চিমবংগৰ তিনিটা স্থানত অনুষ্ঠিত হ’ব।
লগতে পঢ়ক – শুকুৰবাৰে অসম যুৱ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান
উদ্বোধনী পুল মেচ সমূহ ১৬ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন ষ্টেডিয়াম ভিৱাইবিকেত, ১৭ আগষ্টত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আৰু ১৮ আগষ্টত ইম্ফলৰ খুমান লাম্পাখ ষ্টেডিয়ামত আৰম্ভ হ’ব।