গুৱাহাটী : মহানগৰীত পুনৰ সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালি। সুৰাৰ ৰাগীত মাতাল লৈ এহাল যুৱক-যুৱতীয়ে তাণ্ডৱ চলায় মহানগৰীত। সুৰামত্ত যুৱক-যুৱতীহালে আৰক্ষী আৰু সাংবাদিকৰ লগত দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ।

দেওবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ হাতীগাঁৱত সুৰামত্ত যুৱক-যুৱতীয়ে তাণ্ডৱলীলা চলায়। সুৰাৰ ৰাগীত মাতাল লৈ যুৱক-যুৱতীহালে গাড়ী চলাই আহি ৰাজধানী মছজিদৰ সন্মুখত অন্য এখন গাড়ীত খুন্দা মাৰে। ইয়াৰ পিছত দুর্ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

যান বাহন শাখাৰ আৰক্ষীয়ে সুৰামত্ত যুৱক-যুৱতীহালক গাড়ীৰ পৰা নামি আহিবলৈ দিয়াৰ পিছতে আৰম্ভ হয় যুৱক-যুৱতীহালৰ তাণ্ডৱ লীলা। সুৰামত্ত যুৱক-যুৱতীহালে আৰক্ষীৰ লগত তৰ্কত লিপ্ত হোৱাৰ লগতে আৰক্ষীক দুৰ্ব্যৱহাৰ কৰে। আনকি আৰক্ষীৰ কাপোৰ ফালি দিয়ে বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক –  দিল্লীৰ গংগাৰাম হস্পিতালত ভৰ্তি কৰোৱা হৈছে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক

অৱশেষত আৰক্ষীয়ে সুৰামত্ত যুৱক-যুৱতীহালক আটক কৰি হাতীগাঁও থানালৈ নিয়ে যদিও পৰৱৰ্তী সময়ত দিছপুৰ থানাত যুৱক-যুৱতীহালক জেৰা চলায় আৰক্ষীয়ে। সুৰামত্ত যুৱক-যুৱতীহালে আনকি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ লগতো দুৰ্ব্যৱহাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply