নিউজ ডেস্ক: ২ জুনৰ নিশা সংঘটিত হোৱা উৰিষ্যাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হয়। ভাৰতৰ ভিতৰত চতুৰ্থতম ভয়াবহ এই ৰে’ল দুৰ্ঘটনাটো বালাছ’ৰৰ বাহানাগা বাজাৰ ষ্টেচনৰ সমীপত সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয়।

বালাছ’ৰত ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ধ্বংসাৱশেষৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে অসমৰ এজন ৩৫ বছৰীয়া যুৱকক। দুলাই মজুমদাৰ নামৰ অসমৰ যুৱকজনক কমেও দুদিন ধৰি ধ্বংসাৱশেষৰ তলত থকাৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনা সংঘটিত হোৱা কৰমণ্ডল এক্সপ্ৰেছৰ পৰা ছিটিকি ওলাই পৰে আৰু ট্ৰেকৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত গৈ পৰি ৰয় দুলাই মজুমদাৰ। সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে উদ্ধাৰকাৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply