মানকাচৰ : যাত্ৰীবাহী নাৱত আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ দুজন গ্ৰেপ্তাৰ। ৫ হাজাৰতকৈও অধিক নিচাযুক্ত টেবলেট, কফ চিৰাপ আৰু নগদ ধনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বালাপাৰাত ব্ৰহ্মপুত্ৰ নদীত যাত্ৰীবাহী নাৱত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত বালাপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ মাজত এখন যাত্ৰীবাহী নাৱৰ পৰা জব্দ কৰে নিচাজাতীয় সামগ্ৰী।

আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। সোমবাৰে নিশা প্ৰায় ৭ বজাত জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক এছ চাংচানৰ নেতৃত্বত দক্ষিণ শালমাৰা আৰক্ষীৰ দল এটাই অভিযান চলাইছিল।

লগতে পঢ়ক – গোসাইগাঁৱত মহিলাক অশ্লীল ইংগিত দি গৃহৰক্ষী জোৱানৰ গুলী চালনা

আৰক্ষীয়ে যাত্ৰীবাহী নাওখনৰ পৰা ৫ হাজাৰতকৈও অধিক নিচাযুক্ত টেবলেট, কফ চিৰাপ আৰু প্ৰায় ১০ হাজাৰ নগদ ধন জব্দ কৰে। পশ্চিম বংগৰ পৰা ধুবুৰী হৈ মানকাচৰ মুখে আনি থকা ড্ৰাগছৰ লগত জড়িত হামিদুল ইছলাম আৰু জিয়াৰুল ইছলামক আৰক্ষীয়ে আটক কৰি জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply