লখিমপুৰ : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুৰ্বল আন্তঃগাঠনিৰে ধন লুন্ঠনৰ অভিযোগ। চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰী গৌতম কনষ্ট্রাকশন আৰু ইয়াৰ লগত জড়িত চৰকাৰী বিষয়া অভিযন্ত্ৰাৰ বিৰুদ্ধে গোচৰ তৰিব
দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে।
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ বিসংগতিৰ বাবে আইনৰ দ্বাৰস্থ হ’ব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম। পাঁচশ কোটি টকীয়া লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰায়বোৰ ভৱনৰ দেৱালত ফাট মেলিবলৈ লোৱাৰ উপৰি ভিতৰত পানী পৰা বিষয় লৈ নিৰ্মাণ বিসংগতিৰ বাবে নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে তৰিব গোচৰ। দুৰ্বল আন্তঃগাঠনিৰে ধন লুন্ঠনৰ অভিযোগ তুলি চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰী গৌতম কনষ্ট্রাকশন আৰু ইয়াৰ লগত জড়িত চৰকাৰী বিষয়া অভিযন্ত্ৰাৰ বিৰুদ্ধে তৰিব গোচৰ।
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খন বৰ্তমান নিৰ্মাণ কৰি থকা সকলো নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰো দাবী জনায় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে। মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ বিসংগতিৰ কথা প্ৰকাশৰ লগে লগেই তদন্তকাৰী দল ঢপলিয়াই অহাৰ বিপৰীতে সংবাদ মাধ্যমেত বাৰম্বাৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ বিসংগতিৰ বিষয় প্ৰকাশ হোৱাৰ পিছতো কিয় তদন্ত কৰা নাই বুলি প্ৰশ্ন তুলি মুখমন্ত্রীক এবাৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ চিৰাল ফাট দিয়া দেৱাল সমুহ পৰিদৰ্শন কৰি ব্যবস্থা গ্রহণৰ দাবী জনায়।
লগতে পঢ়ক – যমুনামুখত বান বিধ্বস্ত অঞ্চলত পৰিদৰ্শন বিধায়ক ছিৰাজুদ্দিন আজমলৰ
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰত পানী পৰা বিষয়ত স্থানীয় বিধায়কে সামাজিক মাধ্যমত প্ৰত্যুত্তৰ দিয়া বিষয়টো সমালোচনা কৰি তেওঁ দেৱাল ফটা বিষষত কিয় নিমাত বুলিও প্ৰশ্ন তোলে। নিৰ্মাণ বিসংগতিৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ দুবছৰো স্থায়িত্ব নাই বুলি উল্লেখ কৰি সংঘটিত দুৰ্নীতিৰ বাবে শক্তিশালী তদন্তৰ দাবী জনায় ধৰ্মকান্ত গগৈয়ে।