হাটশিঙিমাৰী : প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীক ই-কেওৱাইচি কৰাৰ বাবে হাটশিঙিমাৰী জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ বিশেষ জাননী। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ যোগ্য পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী সকলক সোমবাৰৰ পৰা ১২ জুন তাৰিখৰ ভিতৰত ই-কেওৱাইচি কৰাৰ বাবে জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগে এক বিশেষ জাননি জাৰি কৰিছে।

উল্লেখযোগ্য যে পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী সকলে নিজৰ নিজৰ ওচৰত থকা চিএছচিত গৈ ই-কেওৱাইচি কৰিব লাগিব। যি সকল হিতাধিকাৰী এই ই-কেওৱাইচি কৰাত ব্যৰ্থ হ’ব সেই সকল হিতাধিকাৰী পিএম কিষাণ সন্মান নিধিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব বুলি জিলা কৃষি বিষয়া মইনুল হকে জানিবলৈ দিয়ে। ইতিমধ্যে পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী সকলে আধাৰ লিংকৰ কাম সম্পন্ন কৰিছে।

লগতে পঢ়ক –  নগাঁৱৰ খাগৰীজানত মৃত নৱজাতক উদ্ধাৰ

আধাৰ লিংক আৰু ই-কেওৱাইচি দুয়োটা পৃথক প্ৰক্ৰিয়া। গতিকে আধাৰ লিংক কৰা হিতাধিকাৰী সকলে পিএম কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিবলৈ এই ই-কেওৱাইচি কৰিব লাগিব বুলি জিলা কৃষি বিষয়া গৰাকীয়ে প্ৰকাশ কৰে। District Administration South Salmara Mankachar নামৰ ফেচবুক পেজৰ জৰিয়তে ইতিমধ্যে জিলা প্ৰশাসনে এই জাননি প্ৰচাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply