নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে ব্যস্ত হৈ থকাৰ মাজতে মাজনিশা বিয়পি পৰিছিল আতংক। নিশা পলমকৈ হোৱা ভূমিকম্পই জোকাৰি গৈছিল হাৰিয়ানা। দিল্লীতো অনুভৱ হৈছিল কম্পন। এমাহৰ পিছত পুনৰ অনুভূত হোৱা ভূমিকম্পৰ ফলত সাধাৰণ লোকসকল উদ্বিগ্ন হৈ পৰিছে।
নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, শনিবাৰে মাজনিশা দিল্লী, হাৰিয়ানাকে ধৰি কেইবাটাও ঠাইত ভূমিকম্পৰ জোকাৰণি অনুভৱ হৈছিল।
ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৮ আছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল হৰিয়ানাৰ ঝাজ্জৰৰ পৰা ১২ কিলোমিটাৰ দূৰত আছিল। ভূমিকম্পৰ উৎপত্তিস্থল পৃথিৱী পৃষ্ঠৰ পৰা ৫ কিলোমিটাৰ গভীৰতাত আছিল।
নিশা ১:১৯ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। কেইছেকেণ্ডমান ধৰি জোকাৰণি অনুভূত হৈছিল। এই মৃদু কম্পনৰ ফলত কোনো ক্ষতিৰ খবৰ এতিয়ালৈ পোৱা হোৱা নাই।

উল্লেখ্য যে যোৱা বছৰ নৱেম্বৰত দিল্লীত দুবাৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। দুমাহ পূৰ্বে পঞ্জাৱ, অমৃতসৰ আৰু হাৰিয়ানাও ভূমিকম্পই জোকাৰি গৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply