নিউজ ডেস্ক- আজি পুৱাই ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাজ্যখনত ৰিখটাৰ স্কেলত ৪.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।
পুৱা ৮ বাজি ৩ মিনিট ৩৫ ছেকেণ্ডত এই ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। এই ভূমিকম্পটিৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ ।
প্ৰাথমিক তথ্য অনুসৰি, এই ভূমিকম্পটোৰ প্ৰাবল্য ৪.৪ মেগনিটিউড বুলি কোৱা হৈছে।
উল্লেখ্য যে দেওবাৰেও ৰিখটাৰ স্কেলত ৪.৭ প্ৰাবল্যৰ এক ভূমিকম্পই ৰাজ্যখনক জোকাৰি যায়। ইয়াৰ উৎপত্তিস্থল আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ত। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল মেঘালয়ৰ মাইৰাঙৰ কাষৰীয়া অঞ্চলত।