নিউজ ডেস্ক: শনিবাৰে পুৱা ১১:৩৫ বজাত ৩.৪ প্ৰাব্যলৰ ভুমিকম্পই জোকাৰি যায় মেঘালয় । মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল আৰু ই ৫ কিলোমিটাৰ গভীৰতাত হোৱা বুলি জানিব পৰা গৈছে। নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে পুৱা এই খবৰ ৱেবছাইটযোগে প্ৰকাশ কৰে।
অৱশ্যে কোনো ধৰনৰ সা-সম্প্ৰতি লগতে মানুহৰ ক্ষতি হোৱা খবৰ পোৱা নাই।
সাধাৰণতে ভাৰতৰ উত্তৰ-পূব অঞ্চলটো উচ্চ ভূমিকম্পীয় অঞ্চলত পৰে, যাৰ বাবে এই অঞ্চলত সঘনাই ভূমিকম্পৰ সৃষ্টি হয়।