‘জন প্ৰতিনিধিত্বমূলক আইন ১৯৫০’ৰ ‘৮-ক’ অনুচ্ছেদৰ আধাৰত ভাৰতৰ নিৰ্বাচন আয়োগ-য়ে অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা পুননিৰ্দ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে“
ৰাজ্যখনত বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ্নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ২০০১ৰ ‘লোক পিয়ল’ৰ তথ্য সাৰোগত কৰা হ’ব। ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা বলবত্ হোৱাকৈ নতুন প্ৰশাসনীয় গোট সৃষ্টিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
গুৱাহাটী – সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে অৱশেষত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। অসমত শীঘ্ৰেই আৰম্ভ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া । ইতিমধ্যে ২০২৩ ৰ ১ জানুৱাৰীলৈকে নতুন প্ৰশাসনীয় গোট গঠনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
২০০১ৰ লোকপিয়লৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ কৰা হ’ব লোকসভা আৰু বিধানসভা সমষ্টিত আয়োগে নিজাকৈ অধ্যয়ন কৰি নিৰ্ধাৰণ কৰিব সমষ্টিৰ সীমা । সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ চূড়ান্ত কৰাৰ পাছত সাধাৰণ জনতাৰ পৰা পৰামৰ্শ আৰু আপত্তি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে।
ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ে জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ নিৰ্বাচন আয়োগ-য়ে অসমত ‘জনপ্ৰতিনিধিত্বমূলক আইন, ১৯৫০’ৰ ধাৰা ‘৮-ক’ অনুসৰি বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত শ্ৰী অনুপ চন্দ্ৰ পাণ্ডে আৰু শ্ৰী অৰুণ গোৱেলৰ নেতৃত্বত আয়োগে ১ জানুৱাৰী, ২০২৩ তাৰিখৰ পৰা বলবত্ হোৱাকৈ আৰু সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ৰাজ্যখনত নতুন প্ৰশাসনিক গোট সৃষ্টিৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিবলৈ ৰাজ্য চৰকাৰক ব্যৱস্থাগ্ৰহণৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক নিৰ্দেশ দিয়ে। সংবিধানৰ ১৭০নং অনুচ্ছেদৰ অধীনত বাধ্যতামূলক কৰা অনুসৰি ৰাজ্যখনৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত লোকপিয়লৰ পৰিসংখ্যা (২০০১) ব্যৱহাৰ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ৩৩০ আৰু ৩৩২নং অনুচ্ছেদ অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণৰ দিহা কৰা হ’ব।
সমষ্টিসমূহৰ পুনৰ্নিৰ্দ্ধাৰণৰ বাবে আয়োগে নিজাববীয়াকৈ ইয়াৰ বিধি-নিৰ্দেশনা তথা পদ্ধতিৰ আৰ্হি প্ৰণয়ন কৰিব। পুনৰ্নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া চলি থকা সময়ছোৱাত প্ৰশানীয় গোটসমূহৰ আৱয়াবিয়ীক বৈশিষ্ট্যসমূহৰ লগতে বৰ্তমানৰ সীমাসমূহ, যোগাযোগৰ সা-সুবিধাসমূহৰ উপলব্ধতা, ব্যৱহাৰিক ক্ষেত্ৰত ৰাইজৰ সুবিধাসমূহ নজৰত ৰখাৰ লগতে সমষ্টিসমূহ যিমানদূৰ পাৰি ভৌগলিকভাবে সংকোচিত এলেকাৰ মাজত ৰখাত গুৰুত্ব প্ৰদান কৰিব।
আয়োগে অসমৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ সম্পৰ্কীয় প্ৰস্তাৱৰ খচৰা চূড়ান্ত কৰাৰ পিছত ইয়াক সাধাৰণ জনতাৰ পৰা পৰামৰ্শ/ওজৰ-আপত্তি আহ্বান জনোৱাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজপত্ৰত অধিসূচিত কৰাৰ ব্যৱস্থা কৰিব। এই সন্দৰ্ভত ৰাজ্যৰ দুখন স্থানীয় কাকততো ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা শুনানীৰ তাৰিখ আৰু স্থান নিৰ্দিষ্ট কৰি এখন জাননী প্ৰকাশ কৰা হ’ব। অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগক আইন আৰু ন্যায় মন্ত্ৰালয়ে ১৫ নৱেম্বৰ, ২০২২ তাৰিখৰ পত্ৰ নং এইচ-১১০১৯/০৬/২০২২-এলইজি২ ৰ জৰিয়তে অনুৰোধ জনাইছিল। সীমা নিৰ্ধাৰণ আইন, ১৯৭২ৰ বিধান অনুসৰি ১৯৭১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত ১৯৭৬ চনত অসমৰ সমষ্টিসমূহৰ অন্তিমটো পৰিসীমা পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিছিল তদানীন্তন পুনৰ্নিৰ্দ্ধাৰণ আয়োগে।