নিউজ ডেস্ক: ইডি য়ে আজি BYJU’s ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বাইজু ৰবিন্দ্ৰনৰ বেংগালুৰুস্থিত বাসগৃহ আৰু কাৰ্যালয়ত তালাচী অভিযান চলাই। জানিব পৰা অনুসৰি, ইডিয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা (FEMA) আইনৰ ব্যৱস্থাৰ অধীনত এই তালাচী অভিযান চলাই। বাইজু ৰবিন্দ্ৰনৰ কোম্পানী থিংক এণ্ড লাৰ্ণ প্ৰাইভেট লিমিটেডৰ চৌহদত অভিযান চলোৱা হয়। সংস্থাটোৰ বিষয়াসকলে তালাচীৰ সময়ত আপত্তিজনক নথিপত্ৰ আৰু ডিজিটেল তথ্য জব্দ কৰে।

তদন্ত সংস্থাটোৰ মতে, কোম্পানীটোৱে ২০১১ ৰ পৰা ২০২৩ চনৰ ভিতৰত ২৮,০০০ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (FDI) লাভ কৰিছে। ইয়াৰ উপৰিও, কোম্পানীটোৱে FDIৰ  নামত বিভিন্ন দেশলৈ ধন প্ৰেৰণ কৰে।

লগতে ইডিৰ মতে, BYJU’s ৰ নামত এডটেক প্লেটফৰ্ম পৰিচালনা কৰা থিংক এণ্ড লাৰ্ণ প্ৰাইভেট লিমিটেডে বিজ্ঞাপন আৰু মাৰ্কেটিং ব্যয়ৰ নামত প্ৰায় ৯৪৪ কোটি টকা ব্যয় কৰিছিল। একে সময়তে, কোম্পানীটোৱে ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ইয়াৰ বিত্তীয় বিৱৰণ প্ৰস্তুত কৰা নাই আৰু একাউণ্টবোৰ অডিট কৰাও হোৱা নাই। সেয়েহে, ইয়াৰ তদন্ত কৰা হৈছে।

উল্লেখ্য যে, সংস্থাটোৰ জানিব দিয়া অনুসৰি, বাইজু ৰবিন্দ্ৰনৰ বিৰুদ্ধে বহুতো লোকে ব্যক্তিগত ভাৱে অভিযোগ তুলি আহিছিল বিত্তীয় সম্পৰ্কীয় খেলমেলিক লৈ যাৰ আধাৰতে আজি এই পদক্ষেপ লয়। ইয়াৰোপৰি ৰবিন্দ্ৰনৰ ওপৰত এইয়াও অভিযোগ আছে যে তেওঁৰ নামত ইডিয়ে বহুবাৰ চমন জাৰি কৰিছিল, কিন্তু তেওঁ এইবোৰৰ পৰা সদায় পলাই ফুৰিছিল আৰু কেতিয়াও সংস্থাটোৰ ওচৰত উপস্থিত হোৱা নাছিল।

লগতে পঢ়ক – কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী পুৱাই মল্লযোদ্ধাৰ প্ৰতিবাদস্থলীত উপস্থিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply