ৰংমন দাস – অসমত আৰু এটা ৰাজনৈতিক দল। আৰু এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অলপতে গুৱাহাটীত গঠিত হৈছে এই দলটো। নাম দিয়া হৈছে জাতীয় দল,অসম। JDA. বিভিন্নজনে সমালোচনা কৰিছে, কটাক্ষ কৰিছে যে মাত্ৰ তিনিগৰাকী লোকে সংবাদমেল অনুষ্ঠিত কৰি এটা ৰাজনৈতিক দলৰ জন্ম দিছে। নামটো শুনিয়েই আগেয়ে ক’ৰবাত শুনা শুনা যেন লাগি আছিল। মনত পৰিল, এই একেই নামেৰে অৰ্থাৎ জাতীয় দল অসম নামেৰে ২০২০ চনতে এটা ৰাজনৈতিক দলৰ জন্ম হৈছিল। ৰয়েল আহোম ছ’চাইটি আৰু অসম মিঞা পৰিষদে বিগত অসম বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ২০২০ চনৰ ২৬ ডিচেম্বৰত গুৱাহাটীত সংবাদমেল পাতি ঘোষণা কৰিছিল এটা নতুন আঞ্চলিক ৰাজনৈতিক দল “জাতীয় দল, অসম।” কালিও একে নামেৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই গুৱাহাটী প্ৰেছ ক্লাবত ঘোষণা কৰিলে আন এটা নতুন ৰাজনৈতিক দল “জাতীয় দল, অসম।”  আঞ্চলিক গণ মৰ্চা, অসম আৰু অসম সংগ্ৰামী মঞ্চৰ একত্ৰীকৰণেৰে এই নতুন ৰাজনৈতিক দলটো গঠন কৰা হৈছে বুলি কৈছে সাংসদগৰাকীয়ে।

এতিয়া মিঞা পৰিষদৰ Involvement নতুন দলটোত আছে নে নাই বা ক্ষেত্ৰ অধ্যয়ন কৰি নে নকৰি ৰাজনৈতিক দলৰ নাম নিশ্চিত কৰিছে সেইবোৰ আমাৰ আলোচনা বিষয় বুলি গণ্য কৰা নাই।

আজিৰ সম্পাদকীয়ৰ বিষয় অসমে আঞ্চলিকতাবাদী ৰাজনীতিত কিমান আস্থা ৰাখিব? অসমত বহু আঞ্চলিক ৰাজনৈতিক দল খোলা হ’ল সেইবোৰৰো খতিয়ান দিবলৈ ওলোৱা নাই। কিন্তু অসমত বহুধা বিভক্ত আঞ্চলিক শক্তিক একগোট কৰি এখন মঞ্চ গঠনৰ কথা কৈ থকা অজিত কুমাৰ ভূঞাই নিজৰ আঞ্চলিক গণ মৰ্চা, অসম আৰু কিছুবছৰ পূৰ্বৰে পৰা চলি থকা অসম সংগ্ৰামী মঞ্চক একগোট কৰি এই নতুন দলটো ঘোষণা কৰিছে।

YouTube video

আঞ্চলিকতাবাদী চৰকাৰে অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিলেও একৈশ শতিকাত এই চিন্তা বাস্তৱসন্মত হৈ থকা নাই। ধন-ক্ষমতা, কেন্দ্ৰৰ পুঁজি আবণ্টনকে ধৰি বহু কথাই পৰোক্ষভাৱে সাঙোৰ খাই আছে এই পদক্ষেপৰ কাৰ্যকৰীতাৰ আঁৰত। ছবছৰীয়া অসম আন্দোলনৰ অন্তত গঠিত অসম গণ পৰিষদৰ চৰকাৰৰ পতনৰ কাৰণ সকলোৰে জ্ঞাত। সেই আঞ্চলিক ৰাজনৈতিক দল আজিৰ বিজেপিত জাহ গৈছে বুলি ৰাজনৈতিক বিদ্বৎ সমাজে কৈছেই। প্ৰতিটো ৰাজনৈতিক দলৰ উত্থান নিৰ্বাচনৰ ভোটৰ হাৰেহে নিৰ্ণয় কৰে। কেতিয়াবা তুলনামূলক ভোটৰ হাৰ বাঢ়ে, কেতিয়াবা কমে। কেতিয়াবা ভোট বাঢ়িলেও চৰকাৰ গঠন কৰিব নোৱাৰে, কেতিয়াবা ভোটৰ হাৰ কমিলেও চৰকাৰ গঠন কৰিব পাৰে। এই ক্ষেত্ৰত সমষ্টি কেন্দ্ৰিক সাফল্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এয়াই চৰকাৰ গঠনৰ গণিত। এই দৃষ্টিৰেই অসমত অসম গণ পৰিষদকে আদি কৰি অন্যান্য আঞ্চলিক দলো মূল পথৰ পৰা বিচ্ছিন্ন হৈছে। হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ বিষয়টো ইয়াত এৰাই চলিছো। এহাতে তেওঁলোকে মিত্ৰতাৰ অংকত সমষ্টি হেৰুৱাইছে, অন্যহাতে প্ৰতিবাৰেই ভোটৰ হাৰ জ্যামিতিক হাৰত কমিছে। সেয়া নিগম নিকায়ৰ নিৰ্বাচনেই হওক অথবা বিধানসভা নিৰ্বাচনেই হওক। অসমৰ ৰাজনীতিত অসম গণ পৰিষদৰ প্ৰথমটো উজুটি আছিল কমিউনিষ্ট পাৰ্টিৰ লগত মিত্ৰতাৰে চৰকাৰ গঠন কৰা। দ্বিতীয়টো উজুটি আছিল বিজেপি লগত মিত্ৰতা কৰি চৰকাৰ গঠন। এই মিত্ৰতাই দুই-তিনিজন ব্যক্তিক মন্ত্ৰীত্ব দিছে, কিছুমান নিগম নিকায়ৰ হাতবন্ধা অধ্যক্ষৰ বাব দিছে। পিছে ই সামগ্ৰিকভাৱে দলটোক ক্ষতি কৰাই নহয়, ক্ৰমাৎ আঞ্চলিকতাবাদৰ প্ৰতি ভোটাৰৰ মোহভঙ্গ কৰিলে। এনে অৱস্থাত এমুঠিমান মানুহ লৈ আন এটা ৰাজনৈতিক দল? উদ্দেশ্য মুষ্টিমেয় কেইগৰাকীমানৰ ব্যক্তিগতই হওক অথবা বৃহত্তৰেই হওক, বিজেপিৰ দৰে এক বিয়াগোম ৰাজনৈতিক শক্তিৰ সমূখত জাতীয় দল অসমক যে শীঘ্ৰেই অসমৰ ৰাইজ আকুন্ঠ সঁহাৰি নজনায় সেয়া কিছুমানে শুনিবলৈ টান পালেও সেয়াই সঁচা।

আন কিছু কাৰণতো অসমত আঞ্চলিকতাবাদী নতুন ৰাজনীতিক ৰাইজে প্ৰত্যাখ্যান কৰি যাব। সুদীৰ্ঘ অসম আন্দোলনৰ পাছত অসমৰ ৰাজনীতিত আৰম্ভ হোৱা সুবিধাবাদক আটাইতকৈ সফলভাৱে ব্যৱহাৰ কৰিলে জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী নেতাই। ইয়াৰ বাবেই আজিও অসমত নিৰ্বাচনত অসমীয়া ৰাইজক আঞ্চলিকতাবাদৰ পক্ষে বেলট বাকচলৈ আনিব পৰা হোৱা নাই। ৰাজনীতিত আবেগৰ মূল্য আছে। সঁচা কথা। ভাৰতবৰ্ষৰ ৰাজনীতিত এটা মেকানিজিম তৈয়াৰ কৰি আবেগ সৃষ্টি কৰিব পৰাতেই চৰকাৰ গঠন কোনে কৰিব জনা যায়। ৯০ দশকৰ একেবোৰ ভাষণ, ৰাষ্ট্ৰবাদী শক্তিক ওফৰাই পেলোৱাৰ অবাস্তৱসন্মত বা ফলাফলহীন আবেগে অসমীয়া ৰাইজক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰিব নোৱাৰে। সেইবোৰৰ উপৰিও হিতাধিকাৰীৰ ব্যাপক সফল ৰাজনীতিৰ সমূখত যে এমুঠিমান উদাৰনৈতিকৰ অভিধা ল’ব খোজা “নৱ-ৰাজনীতিবিদ” নেচেল হ’ব সেয়াও অনুমান কৰিব পাৰি। অসমীয়া ৰাইজ এতিয়া আৰু আঞ্চলিকতাবাদী হৈ থকা নাই। আধাতকৈও অধিক যুৱ ভোটাৰক কা আন্দোলনেৰেও যেতিয়া আঞ্চলিকতাবাদৰ প্ৰতি বাধ্য কৰিব নোৱাৰিলে, তাৰ অৰ্থ কি? এটাই অৰ্থ – আজিৰ অসমে আঞ্চলিকতাবাদী ৰাজনীতিক নস্যাৎ কৰিছে। যাৰ বাবে অজিত কুমাৰ ভূঞাৰ এই নতুন দলটোও একেই প্ৰত্যাখ্যানৰ সমূখীন হ’ব। আজিৰ সম্পাদকীয় শেষ কৰাৰ পূৰ্বে এই প্ৰত্যাখ্যানৰ কেইটামান কাৰণ উল্লেখ কৰিছো –

কাৰণ ১ – নামনি অসমৰ বৃহৎ জনগাঁথনিক নস্যাৎ কৰি আঞ্চলিক ৰাজনীতি কৰাৰ মানসিকতা।

কাৰণ ২ – কৌশলগত ভুল। বিগত নিৰ্বাচনত ৰাইজৰ দল আৰু অজাপৰ ভুল সিদ্ধান্তৰ বাবে বহু সমষ্টিত বিজেপিক প্ৰত্যাহ্বান জনোৱাত ব্যৰ্থ হোৱাৰ কথা পুনৰাই কোৱাৰ প্ৰয়োজন নাই। কেৱল সেয়াই নহয়, বিভিন্ন সময়ত দুয়োটা আঞ্চলিক দলৰ কৰ্ম-কাণ্ডই মানুহৰ মনত বিজেপিৰ বি-টিম হিচাপেও প্ৰতিষ্ঠা কৰিছিল।

কাৰণ ৩ – দল চলাবলৈ পুঁজি। ক্ষমতাত নথকা দলত বৰ্তমান অসমৰ ব্যৱসায়ীয়ে কেতিয়াও বিনিয়োগ কৰিবলৈ আগবাঢ়ি নাহে, হাত খুলি। তদুপৰি শেহতীয়া পৰিস্থিতিত কোন ব্যৱসায়ীয়ে চৰকাৰৰ বিৰুদ্ধে ধন বিনিয়োগ কৰিব, সেয়া কোৱা নিস্প্ৰয়োজন।

কাৰণ ৪ – বিগত দিনৰ ইতিহাস। আঞ্চলিকতাবাদৰ তথাকথিত মুধাফুটা নেতাসকলৰ অদূৰদৰ্শী পৰিকল্পনাবিহীন, অধ্যয়নবিহীন সিদ্ধান্তক লৈ অসমবাসী সুপৰিচিত হৈ পৰিছে। সেইবোৰ অভিজ্ঞতাই আঞ্চলিকতাবাদী, জাতীয়তাবাদী সংগ্ৰামী ব্যক্তিৰ প্ৰতি সন্দিহান কৰি ৰাখিছে। এনেবোৰ অজস্ৰ ঋণাত্মক কাৰণৰ মাজতো আমি ৰাষ্ট্ৰীয়তাবাদৰ মাজতে জাতীয়তাবাদক জীয়াই ৰাখিবলৈ এক ৰাজনৈতিক দল কিম্বা ৰাজনৈতিক পৰিক্ৰমাৰ প্ৰয়োজনীয়তাৰ পোষকতা কৰো। কাৰণ আমি আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত আত্মসমৰ্পণ কৰিব নোৱাৰো, আমাৰ জাতিসত্ত্বাৰ বাবেই তেনে কৰিব নোৱাৰো। কিন্তু এনেদৰে? অসমীয়া জাতিয়ে নতুন এক ৰাজনৈতিক দলৰ মাজেৰে জাতীয় আকাংক্ষা পূৰণৰ উদ্দেশ্য আগত ৰাখি সম্পৰীক্ষা  কৰিবলৈ বিচাৰে যদিও এনেকৈ নহয়। সেয়া বুজিব লাগিব। KITCHEN POLITICS বা ড্ৰয়িং ৰূম পলিটিক্সৰ মাজেৰে নহ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply