শিলচৰ: উত্তৰ-পূৰ্বাঞ্চলে যাতে NCERT-ৰ পাঠ্যপুথিত যথোচিত স্থান পায় সেই উদ্দেশ্যে কৰিমগঞ্জ জিলাৰ ৰজন দাস নামৰ এজন যুৱকে অঞ্চলটোৰ প্ৰচাৰৰ বাবে আগবাঢ়ি আহিছে।

NCERT ৰ বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা কিতাপত যাতে অঞ্চলটোৰ বিষয়ে এটা অধ্যায় থাকে তাৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে ২২ বছৰীয়া যুৱকজনে পদযাত্ৰা আৰম্ভ কৰিছে।

২২ মে’ত ত্ৰিপুৰাৰ উদয়পুৰত যাত্ৰা আৰম্ভ কৰা যুৱকজনে মিজোৰাম, গুৱাহাটীৰ কামাখ্যা আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ যাত্ৰা কৰিব।

শিলচৰ এন আই টি (National Institute of Technology)-ত অধ্যয়ন কৰি থকা দাসে ইষ্টম’জ’ক জনাই যে যাত্ৰা আৰম্ভ কৰাৰ পৰা প্ৰতিদিনে তেওঁ ১২-১৩ ঘঁণ্টাকৈ পদ যাত্ৰা কৰি আহিছে।

অহা দুইৰ পৰা আঢ়ৈ মাহৰ ভিতৰত নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব বুলি যুৱকজন আশাবাদী।

ভাৰতৰ আন অঞ্চলৰ মানুহে উত্তৰ-পূবৰ বিষয়ে তথা ইয়াৰ চহকী ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে ভালদৰে নাজানে বুলি আক্ষেপ কৰি পাঠ্যপুথিত অঞ্চলটোৰ বিষয়ে অধিক কথা অন্তৰ্ভুক্ত কৰাৰ ওপৰত আৰোপ কৰে।

NCERT ৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিত উত্তৰ-পূবৰ ওপৰত এটা অধ্যায় অন্তৰ্ভুক্ত কৰিলে ই ভাৰতৰ আন ঠাইৰ ছাত্ৰ-ছাত্ৰীক অঞ্চলটোৰ বিষয়ে জনাত অধিক সহায় কৰিব বুলি দাসে কয়।

তেওঁৰ এই প্ৰচেষ্টাই NCERT কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰাৰ লগতে তেওঁলোকে এইক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি যুৱকজনে আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও দাসে ২০২১ চনত অসমৰ পৰা লাডাখলৈ একেধৰণৰ এক উদ্দেশ্য লৈ এক চাইকেল যাত্ৰা সম্পূৰ্ণ কৰিছিল। ৬২ দিনীয়া উক্ত চাইকেল যাত্ৰাত তেওঁ মেঘালয়, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিছিল।

লগতে পঢ়ক – টীয়কৰ বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠদান আই জি পি নিতুল গগৈৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply