শিলচৰ: চৰকাৰে ৰাজ্যৰ শিক্ষাখণ্ডত উন্নতি সাধন হোৱা দাবী কৰি আহিছে শিক্ষাৰ মানদণ্ড কিমান আগবাঢ়িছে সেয়া এতিয়াও এক প্ৰশ্নবোধক চিন। এপিনে বিদ্যালয়সমূহত নতুন শিক্ষকৰ নিযুক্তি কৰাৰ কথা কৈ অহা হৈছে ৰাজ্যত এতিয়াও এনে বহু বিদ্যালয় আছে য’ত শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে।
কৰিমগঞ্জ জিলাৰ পাথৰকান্দি সমষ্টিৰ নিলকান্তপুৰস্থিত শিমতাংজয় মধ্য ইংৰাজী বিদ্যালয় হৈছে এনে এখন বিদ্যালয়। শিলচৰৰ পৰা ১১৭ কিঃমিঃ দূৰত্বত অৱস্থিত বিদ্যালয়খনত ১৩৯ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ এজন শিক্ষক।
বিগত আঢ়ৈ বছৰতকৈ অধিক কাল বিদ্যালয়খনত পাঠদানৰ পৰা আৰম্ভ কৰি সকলো প্ৰশাসনীয় কামকাজ মাত্ৰ মাত্ৰ এজন শিক্ষকে চম্ভালি আহিছে।
ইষ্টম’জ’ৰ আগত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হৈ অসুবিধাৰ বিষয়ে কয়, ‘‘যোৱা আঢ়ৈ বছৰ মাত্ৰ এজন শিক্ষকেই আমাৰ সকলো শ্ৰেণীৰ পাঠদান কৰি আহিছে। বেছিভাগ ক্লাছ কৰায়েই নহয় যাৰ ফলত আমি শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈছো।’’
ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে জনোৱা মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী ইন্দ্ৰবতী ত্ৰিপুৰাই অকলে বিদ্যালয়খন চলাই আহিছিল কিন্তু যোৱা এপ্ৰিলত অসুস্থতাৰ বাবে তেওঁ চুটিত থকাত তেওঁৰ ঠাইত এগৰাকী অস্থায়ী শিক্ষকে এতিয়া পাঠদান চলাই আছে।
প্ৰধান শিক্ষয়ত্ৰী গৰাকীৰ সৈতে যোগাযোগ কৰাত অসুস্থতাৰ বাবে বৰ্তমান তেওঁ চুটিত থকা বুলি জানিবলৈ দিয়ে।
‘‘২০১৯ চনৰ নৱেম্বৰত মই বিদ্যালয়খনত প্ৰধান শিক্ষয়ত্ৰী হিচাপে যোগদান কৰো, তেতিয়াৰ পৰা কোনো শিক্ষকক নিযুক্তি প্ৰদান কৰা হোৱা নাই,’’ তেওঁ কয়।
সংশ্লিষ্ট কৰ্তৃপক্ষক শিক্ষকৰ অভাৱৰ কথা জনোৱাৰ লগতে যোৱা সময়ছোৱাত শিক্ষক নিযুক্তি কৰিবলৈ অনুৰোধ জনাই অহা হৈছে যদিও এইপৰ্যন্ত কোনো ইতিবাচক সঁহাৰি লাভ কৰা নাই বুলি অভিভাৱক তথা অঞ্চলটোৰ লোকে অভিযোক কৰে।
প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়েও বিষয়টো বহুবাৰ কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাইছে যদিও এইক্ষেত্ৰত কেৱল ‘আস্বাস’ৰ বাহিৰে আন একো ফল পোৱা নাই বুলি আক্ষেপ কৰে।
প্ৰধান শিক্ষয়ত্ৰী ত্ৰিপুৰাৰ ঠাইত শিক্ষাদান আগবঢ়াই থকা অস্থায়ী শিক্ষক বিদ্যুৎ বৰ্মনে কয় যে অকলে গোটেই বিদ্যালয়খন চম্ভালিব লগীয়া হোৱাত তেওঁৰ বাবে সকলো শ্ৰেণীতে পাঠদান কৰাটো সম্ভৱ নহয়।
‘‘ষষ্ঠ শ্ৰণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু প্ৰত্যেকটো শ্ৰেণীতে ছয়টা বিষয়ত দৈনিক মুঠ ১৮টাকৈ ক্লাছ থাকে। মোৰ কাৰণে সকলো বিলাক ক্লাছ কৰাটো সম্ভৱ নহয়। ইয়াৰ উপৰি আন কোনো ষ্টাফ নথকাৰ বাবে বাকী বিভাগীয় কামকাজ বিলাকো মই চাব লগীয়া হয়,’’ বৰ্মনে কয়।
আনহাতে, শিক্ষকৰ ইমান নাটনি থকাত ১৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীকে পাঠদান কৰাত অসুবিধা হোৱা বিদ্যালয়খনত আকৌ বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি চলি আছে বুলি বৰ্মনে লগতে জানিবলৈ দিয়ে।
এই বিষয়ে পাথৰকান্দিৰ বিজেপি বিধায়ক কৃষেণ্ডু পালক যোগাযোগ কৰাত তেওঁ বিদ্যালয়খনত আৰু এজন শিক্ষক নিযুক্তি কৰা হ’ব বুলি ইষ্টম’জ’ৰ আগত কয়।
স্বামী বিবেকান্দ যুৱসংঘ ক্লাব নামৰ এক স্থানীয় সংগঠনৰ সভাপতি আৰ মালাকাৰে উক্ত বিদ্যালয়খন সমষ্টিটোৰ এখন আটাইতকৈ পুৰণি বিদ্যালয় বুলি জানিবলৈ দি কয় যে ইয়াৰ পিছতো বিদ্যালয়খনৰ আন্তঃগাঠনিকে ধৰি কোনো দিশতে উন্নয়ন নোহোৱা কথাত আক্ষেপ প্ৰকাশ কৰে।
‘‘কেৱল এজনে বছৰ বছৰ ধৰি বিদ্যালয়খন চলাই আহিছে গতিকে ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কি শিক্ষা লাভ কৰে আপুনি সেয়া সহজেই বুজিব পাৰি,’’ তেওঁ কয়।
অভিভাৱকে ধৰি স্থানীয় লোকে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা ভাবি সংশ্চিষ্ট কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক গৰাকীক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ইষ্টম’জ’ৰ আগত বিধায়ক পালে ‘দেওবাৰে’ ব্যক্তিগতভাৱে বিদ্যালয়খন পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ বুজ ল’ব বুলি জানিবলৈ দি কয়, ‘‘অনাগত দিনত বিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়নৰ কাম হাতত লোৱা হ’ব।’’
লগতে পঢ়ক – IPL: কলকাতা নাইট ৰাইডাৰ্ছক ৭৫ ৰাণত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ