গুৱাহাটী: গুৱাহাটীস্থ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক মেগা স্কলাৰশ্বিপ (ছাত্ৰবৃত্তি)-ৰ কথা ঘোষণা কৰিছে।
দেশৰ যিকোনো স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰবৃত্তি পৰীক্ষাত অংশগ্ৰহণ কৰি ৫ কোটি টকা পৰ্য্যন্ত স্কলাৰশ্বিপ লাভ কৰিব পাৰে।
অহা ২৯ মে’ত অনুষ্ঠিত হ’বলগীয়া এই ছাত্ৰবৃত্তি পৰীক্ষাত বহিবলৈ আগ্ৰহী পৰীক্ষাৰ্থীসকলে ২৮ মে’ৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব।
দশম শ্ৰেণীত উত্তীৰ্ণ বা কলা, বিজ্ঞান বা বাণিজ্য শাখাৰ দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল এই স্কলাৰশ্বিপ টেষ্টৰ বাবে পঞ্জীয়ন কৰিব পাৰে।
৬০ মিনিটৰ উক্ত অনলাইন টেষ্টত প্ৰশ্নবিলাক MCQ (Multiple Choice Question) ফৰ্মেটত থাকিব আৰু কোনো নিগেটিভ মাৰ্কিং নাথাকে।
নিজৰ বিষয়ৰ পেপাৰ সমূহৰ উপৰি পৰীক্ষাৰ্থীসকলৰ বাবে ইংৰাজী আৰু সাধাৰণ জ্ঞানৰ প্ৰশ্নকাকত বাধ্যতামূলক হ’ব। ইচ্ছুক পৰীক্ষাৰ্থীসকলে ইয়াত ক্লিক কৰি পঞ্জীয়ন কৰিব পাৰে।
লগতে পঢ়ক : পুনৰ আলফা(স্বা)ত যোগদান গুৱাহাটীৰ যুৱকৰ