শিৱসাগৰ পৰা আমিনুৰ ৰহমান :বিহু আৰু স্বদেশ অধ্যয়ন বিষয় শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাকলৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰ আবৰ্ত ভৱনত এই সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে।

বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই বা এই বিষয়ে কোনো নিৰ্দেশনা ওলোৱা নাই বুলি সদৰি কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

শিক্ষা সংসদত আলোচনা হৈ হৈছে। কাৰণ বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে লোৱাত ছাত্ৰ ছাত্ৰী সকলৰ বিশেষ আগ্ৰহ দেখা নাই।

সেয়ে এই বিষয়টো ন-ৰূপত সজাব পাৰি নেকি তাকলৈ এটা প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণহে কৰিছে, এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। – এই মন্তব্য কৰে ডা: ৰণোজ পেগুৱে।

যি সিদ্ধান্তৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলক আমাৰ জাতি, সংস্কৃতি, বুৰঞ্জী, ভূগোলৰ সম্যক জ্ঞান দিব পৰা হ’ব তেনে সিদ্ধান্ত অচিৰেই লোৱা হ’ব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

যিবিলাক বিষয় অধ্যয়ন কৰিলে ছাত্ৰ ছাত্ৰী লাভ হয়, নিয়োগৰ সম্ভাৱনা বাঢ়ে সেইবিলাক বিষয় নতুন ৰূপত সজাব পাৰি নেকি তাকলৈ চৰ্চা কৰি থকা হোৱা বুলিও জানিবলৈ দিয়ে তেওঁ।

একাদশ- দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকলে চতুৰ্থ বিষয় হিচাপে ৮৪ টা বিষয়ৰ পৰা এটা বাচনি কৰি ল’ব পাৰে। তাৰ ভিতৰতে আছে বিহু বিষয়টো।

বুৰঞ্জী আৰু ভূগোল বিষয়টো অন্তৰ্ভুক্ত কৰিব পাৰি নেকি সেয়াও চৰ্চা হৈ আছে। খুউব সোনকালে সিদ্ধান্ত লোৱা হ’ব।

লগতে পঢ়ক- উন্মোক্ত ৰেলপথক লৈ লখিমপুৰত ৰাইজৰ প্ৰতিবাদ

বিহু অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বড়ো সংস্কৃতি, ঐনিতমৰ এটা বিষয় হ’ব লাগে বুলিও দাবী আহি আছে। কিন্তু দ্বাদশ শ্ৰেণীৰ পিছত কলেজত ছাত্ৰ ছাত্ৰী সকলে সেই ধাৰাবাহিকতা কেনেকৈ ৰক্ষা কৰিব, বিহু বুলিটো কলেজ পৰ্যায়ত বিষয় নাই। কিন্তু পৰিৱেশ্য কলা হিচাপে যদি আমি একাদশ শ্ৰেণীৰ পৰাই এই বিষয় বিলাক সজাই নিও তেতিয়া সুবিধা হ’ব।

কাৰণ পৰিৱেশ্য কলা বা Performing Arts ৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীলৈকে পঢ়াৰ ব্যৱস্থা আছে। অথবা অসমৰ লোক কলা সংস্কৃতি বুলি বিষয় কৰিব পাৰি নেকি সেই বিষয়ে চৰ্চা কৰা হৈছে। কিন্তু সিদ্ধান্ত একো হোৱা নাই।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply