বোকাখাত, উত্তম কুমাৰ শৰ্মা: বিগত ২৯ বছৰে চৰকাৰীকৰণৰ পৰা বঞ্চিত হৈ থাকিল বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত গুটুং মধ্য ইংৰাজী বিদ্যালয়।

বোকাখাতৰ বান বিধস্ত দিচৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত গুটুং গাঁৱত ১৯৯৩ চনতেই স্থানীয় ৰাইজে বিদ্যালয়খন স্থাপন কৰিছিল। পিছে সুদীৰ্ঘ ২৯ টা বছৰ অতিক্ৰম কৰাৰ পাছতো উক্ত বিদ্যালয়খন চৰকাৰীকৰণৰ আওতালৈ নাহিল।

বান বিধস্ত অঞ্চলটোৰ একমাত্ৰ মজলীয়া বিদ্যালয়খনলৈ কাষৰীয়া বৰাইখোৱা, ধনশিৰি, গুটুং আদি ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰীসকল অধ্যয়নৰ বাবে আহে।

বতাহ বৰষুণত বিধ্বস্ত হৈ সম্প্ৰতি জৰাজীৰ্ণ অৱস্থা পোৱা বিদ্যালয়খনত বৰ্তমান ৮০গৰাকীৰো অধিক ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰে যদিও বৰষুণ দিলেই তেওঁলোকে পাঠ সামৰিব লগা হয়।

ইফালে বিগত ২৯ বছৰে বিনা বেতনে শিক্ষাদান কৰি আহিছে বিদ্যালয়খনৰ শিক্ষকসকলে।

দীৰ্ঘদিনে দুৰ্ভোগ ভুগী অহা ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা স্থানীয় ৰাইজে বিদ্যালয়খনক চৰকাৰীকৰণৰ আওতালৈ আনি বিদ্যালয় গৃহটি নিৰ্মাণ কৰি দিবলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে।

লগতে পঢ়ক – আত্মীয়ৰ ঘৰত বিয়া খাবলৈ যাওতেই চোৰে লুটি নিলে সোণৰ আ-আলংকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply