বোকাখাত, উত্তম কুমাৰ শৰ্মা: কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষা/অসম হাই মাদ্ৰাছা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিষদৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতত ১৪৪ ধাৰাৰ জাৰি কৰা হৈছে।

বোকাখাত মহকুমাৰ মহকুমা দণ্ডাধীশ ড০ নেহা যাদৱে এক আদেশযোগে তৎকালে বলবৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত ১৪৪ ধাৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই আদেশ অনুসৰি পৰীক্ষা চলি থকা সময়ত পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ পৰিধিত অকতৃত্বশীল ব্যক্তিৰ একত্ৰিত আৰু চলাচল কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। এই আদেশ পৰীক্ষাৰ বাবে নিয়োজিত বিষয়া- কর্মচাৰী আৰু নিৰাপত্তা কৰ্মী সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি মহকুমা দণ্ডাধীশ গৰাকীয়ে জানিব দিয়ে।

এই নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত উল্লেখ কৰে।

অহা ১৫ মাৰ্চৰ পৰা অসমত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ৩১ মাৰ্চত পৰীক্ষা অন্ত পৰিব। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ১৫ মাৰ্চত আৰম্ভ হ’ব আৰু ১২ এপ্ৰিলত অন্ত পৰিব।

লগতে পঢ়ক – ভাৰত-ভূটান সীমান্ত পৰ্যটনস্থলী বগামাটিত “বৰনদী ৰাইডাৰ্চ মীট ২০২২ চেম্পিয়নশ্বীপ” ৰ সফল সামৰণি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply