বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাত মহকুমাৰ বৃহত্তৰ বান বিধ্বস্ত দুসুতিমুখ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞান মনস্কতাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম নিবেদন ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ে বুধবাৰে এখন বাৰ্ষিক বিজ্ঞান প্ৰদৰ্শনীৰ লগতে শিশু চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে।
অনুষ্ঠানটিত উপস্থিত থাকি বাৰ্ষিক বিজ্ঞান প্ৰদৰ্শনীখনৰ লগতে শিশু চিত্ৰ প্ৰদৰ্শনীখন উদ্ধোধন কৰে কবি, সাংবাদিক পল্লৱ হাজৰিকা আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পিযুয কলিতাই।
উল্লেখযোগ্য যে বিদ্যালয়খনে প্ৰতিস্থাকাল ২০০৬ চনৰ পৰাই ধাৰাবাহীকভাৱে অব্যাহত ৰাখিছে এই প্ৰচেষ্টা।

ঘৰুৱাভাৱে ব্যৱহৃত আৰু নিত্য নৈম্যত্তিক ব্যৱহাৰিক দৃষ্টিত পৰি থকা সামগ্ৰী সমূহৰ মাজত ছাত্ৰ- ছাত্ৰীসকলৰ বিজ্ঞান সন্ধানৰ চিন্তাক উৎসাহিত কৰিবৰ বাবে ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় কৰ্তৃপক্ষই এই প্ৰচেষ্টা চলাই আহিছে।
নৈপৰীয়া অঞ্চলটোত প্ৰতিস্থা লাভ কৰা বিদ্যালয়খনে অঞ্চলটোত পৰম্পৰাগতভাৱে চলি থকা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত অৱিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান মনস্কতাৰ প্ৰতি উক্ত বিজ্ঞান প্ৰদৰ্শণীৰ জৰিয়তে সজাগ কৰিবলৈ চেষ্টা চলাই আহিছে।
ইফালে বিগত দুটা বছৰে কভিড সৃষ্টি পৰিৱেশৰ বাবে ৰাজ্যখনৰ অন্যান্য বিদ্যালয় সমূহৰ দৰে এই বিদ্যালয়খনো ধাৰাবাহিক শিক্ষাদানৰ পৰা বঞ্চিত হৈ আছিল যদিও কভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ শিক্ষাৰ ধাৰা অব্যাহত ৰাখিছে বিদ্যালয়খনে আৰু এইক্ষেত্ৰত বিদ্যালয়খনে বুধবাৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোৱে অভিভাৱক আৰু ছাত্র ছাত্ৰীসকলক বিশেষভাৱে উৎসাহিত কৰা দেখা গ’ল।
লগতে পঢ়ক – খুমটাইত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৫০৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ