বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম নিবেদন ‘বোকাখাত জাতীয় বিদ্যালয়’ৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা হৈছে বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিঙৰ বিশেষ ব্যৱস্থা।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্র-ছাত্ৰীসকলে বিভিন্ন সময়ত উপযোগী শিক্ষা বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত সততে বিভ্ৰান্ত হোৱালৈ লক্ষ্য ৰাখি তথা অনাগত শৈক্ষিক যাত্ৰাত সহায়ক হোৱাকৈ বিদ্যালয়খনত সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে এই ব্যৱস্থা।

বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শাখাৰ কেইবাগৰাকীও অভিজ্ঞ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক পাঠদানৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ যথেষ্ঠ সংখ্যক ছাত্র-ছাত্ৰীয়েই অংশগ্ৰহণ কৰিছে এই কেৰিয়াৰ কাউঞ্চেলিঙত।

ইতিমধ্যে ইয়াৰ জৰিয়তে বিশেষভাৱে উপকৃত হোৱা বুলি জানিবলৈ দিছে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে।

বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই বিনামূলীয়া অনুষ্ঠানটো অহা মে’ মাহ পৰ্যন্ত অব্যাহত থাকিব, বিদ্যালয় কৰ্তৃপক্ষই আগ্ৰহী ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।

লগতে পঢ়ক – বোকাখাতত চাওতাল ছাত্র সন্থাৰ সন্মিলিত জিলা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply