নিউজ ডেস্ক: আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত স্নাতক মহলাৰ ৪ বছৰীয়া পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব, মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত ভাগ লৈ মুখ্য মন্ত্ৰীয়ে এই ঘোষণা কৰে।
অনুষ্ঠানত অহা বছৰৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘’ ৰাজ্যখনৰ মহাবিদ্যালয়সমূহে নতুন শিক্ষা নীতি (এনইপি) ৰূপায়ণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। ৰাজ্যখনৰ প্ৰতিখন বিশ্ববিদ্যালয়ে অহা বছৰৰ পৰা নতুন শিক্ষা নীতি আৰম্ভ কৰাৰ বাবে নিজকে প্ৰস্তুত কৰি আছে।”
ইয়াৰ উপৰি চৰকাৰে শিক্ষা প্ৰতিষ্ঠানসমূহৰ আন্তঃগাথনিৰ উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।
ইপিনে সোণাৰি মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী প্ৰৱৰ্তন কৰি মহাবিদ্যালয়খনক যাতে এখন সম্পূৰ্ণ স্নাতকোত্তৰ মহাবিদ্যালয়ত পৰিণত কৰিব পৰা যায় তাৰ বাবে চৰকাৰে সোণাৰি মহাবিদ্যালয়ত শিক্ষক নিয়োগকে ধৰি বিভিন্ন দিশত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – বনকৰা মানুহৰ বাবে চৰকাৰে শীঘ্ৰেই আনিব নতুন আইন: মুখ্য মন্ত্ৰী