বোকাখাত, উত্তম কুমাৰ শৰ্মা: প্ৰতিস্থাৰ ৪২ বছৰৰ পাছতো প্ৰাদেশিকীকৰণ নহ’ল কাজিৰঙাৰ এখন প্ৰাথমিক বিদ্যালয়।

বিশ্ব ঐতিহ্য কাজিৰঙাৰ এখন পৰ্যটন গাওঁ হিচাপে পৰিচিত দূৰ্গাপুৰত ১৯৮০ চনতে স্থানীয় ৰাইজে প্ৰতিস্থা কৰিছিল বিদ্যালয়খন। কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰতিস্থাৰ ৪২ টা বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰাদেশীকিকৰণ নহ’ল কাজিৰঙাস্থিত ‘দূৰ্গাপুৰ প্ৰাথমিক বিদ্যালয়’খন।

তাৎপৰ্যপূৰ্ণ কথা যে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে এখন বিদ্যালয় প্ৰাদেশিকীকৰণ অথবা পদ প্ৰাদেশিকীকৰণৰ বাবে প্ৰয়োজনীয় সকলো সমল মজুত থকাৰ পাছতো কি কাৰণত ২০১৩ চনত বিদ্যালয় প্ৰাদেশিকীকৰণ আৰু ২০২১ চনত পদ প্ৰাদেশিকীকৰণৰ পৰা বিদ্যালয়খন বঞ্চিত হৈ ৰ’ল সেয়া আশ্বৰ্য্যজনক।

ইফালে প্ৰতিস্থা কালৰে পৰা বিদ্যালয়খনত শিক্ষাদান কৰি অহা দুগৰাকী শিক্ষয়ত্ৰীৰ ভিতৰত ইতিমধ্যে প্ৰধান শিক্ষয়িত্ৰী আৰতি দত্তই ২০১৮ চনত বিনা বেতনে অৱসৰ লোৱাৰ লগতে অহা দুটা বছৰৰ পিছতে বিনা বেতনেই অৱসৰ ল’ব আনগৰাকী শিক্ষয়ত্ৰী উষাৰাণী শইকীয়াই।

উল্লেখযোগ্য যে শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিক্ষয়িত্ৰী উষাৰাণী শইকীয়াই বিগত ২০২১ চনতে তদানীন্তন শিক্ষা মন্ত্ৰী, তথা বৰ্তমানৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনত সাক্ষাৎ কৰি বিদ্যালয়খনৰ সন্দৰ্ভত আবেদন দাখিল কৰিছিল যদিও আজি পৰ্যন্ত লাভ নকৰিলে কোনো সুদোত্তৰ।

ইফালে ৩৪ বছৰে বিনা বেতনে শিক্ষা দান কৰি আৰু দুটা বছৰৰ পাছতে অৱসৰ গ্ৰহণ কৰিব লগা শিক্ষয়িত্ৰী উষাৰাণী শইকীয়াৰ শেহতীয়াকৈ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীৰ লগতে মুখ্য মন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাই কয়, “ছাত্ৰ-ছাত্ৰী ভৱিষ্যতৰ খাতিৰতে বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰক চৰকাৰে”।

লগতে পঢ়ক – জালিয়াতিৰে চাকৰি লোৱা ১১জন অভিযুক্ত এ পি এছ বিষয়াক চৰকাৰৰ পদোন্নতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply