বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ আগশাৰীৰ অন্যতম শিক্ষানুষ্ঠান Best Academy ৰ  উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আগবঢ়োৱা হৈছে ব্ৰীজ ক’ৰ্চ ও বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিঙৰ বিশেষ ব্যৱস্থা।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্র-ছাত্ৰী সকলে বিভিন্ন সময়ত উচ্চ শিক্ষাৰ ক্ষেত্ৰত উপযোগী শিক্ষা বিষয় নিৰ্বাচনত সততে বিভ্ৰান্ত তথা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱালৈ লক্ষ্য ৰাখি তথা অনাগত শৈক্ষিক যাত্ৰাত সহায়ক হোৱাকৈ বিদ্যালয়খনত সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে ব্ৰীজ ক’ৰ্চ ও বিনামূলীয়া কেৰিয়াৰ কাউঞ্চেলিংৰ বিশেষ ব্যৱস্থা।

শিক্ষানুষ্ঠান খনৰ তৰফৰ পৰা গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা নগাঁও জিলাৰ কুঠৰী পৰ্যন্ত সামৰি লোৱা অঞ্চলৰ পৰা আহিব লগীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়াকৈ বাছ সেৱা আগবঢ়োৱা হৈছে।

উল্লেখযোগ্য যে গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে ২০১৮ চনতে বোকাখাতৰ মাজ-মজিয়াত প্ৰতিস্থা লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানখনে প্ৰতিস্থা কালৰে পৰা অব্যাহত ৰাখিছে ইয়াৰ শৈক্ষিক মানদণ্ডৰ ধাৰা।

বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শাখাত কেইবাগৰাকীও অভিজ্ঞ শিক্ষকৰ লগতে ৰাজ্যৰ কেইবাটাও বিশেষ খণ্ডৰ সমল ব্যক্তিৰ দ্বাৰা  ছাত্ৰ-ছাত্ৰী সকলক পাঠদানৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ প্ৰায় দুই শতাধিক  ছাত্র ছাত্ৰীয়েই অংশগ্ৰহণ কৰিছে  এই কেৰিয়াৰ কাউঞ্চেলিঙত।

ইতিমধ্যে ইয়াৰ জৰিয়তে বিশেষভাৱে উপকৃত হোৱা বুলি জানিবলৈ দিছে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলে।

মঙলবাৰে শিক্ষানুষ্ঠানখনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক কেনেধৰণৰ বিষয় নিৰ্বাচনেৰে শিক্ষা জীৱনত কৃতকাৰ্যতা  আহৰণ কৰিব পাৰি  তাৰ বিষয়ে বিতং আভাস দাঙি ধৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তথা বৰ্তমান নুমলীগড় শোধনাগাৰৰ পৰিচালনা বিভাগৰ সহকাৰী পৰিচালক অভিজিৎ দেব ৰয়ে।

বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা শৈক্ষিক সজাগতাৰ এই বিশেষ কাৰ্যসূচী আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত অব্যাহত থাকিব,আৰু বাকী থকা আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলকো অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে বেষ্ট একাডেমীৰ কৰ্তৃপক্ষই।

লগতে পঢ়ক – তেজপুৰত বানপানীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply