কমাৰগাঁও, চন্দন বৰা: প্ৰজ্ঞাৰ সাধনাৰ বাট জটিল আৰু কঠিন। শ্ৰম আৰু সাধনাৰ বাহিৰে সফলতা লাভৰ কোনো গত্যন্তৰ নাই। এই কথাকে প্ৰমাণ কৰি দেখুৱালে গোলাঘাট জিলাৰ খুমটাই সমীপৰ মেলামৰাৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীয়ে।
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত মেলামৰা জুনিয়ৰ কলেজৰ ছাত্ৰী কুলচুমা বেগমে ৯১ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ছাত্ৰী গৰাকীয়ে ৬ টা বিষয়ত ক্ৰমে – অসমীয়া ৯২, ইংৰাজী ৮৩, অৰ্থনৈতিক বিজ্ঞান ৮৮, ৰাজনৈতিক বিজ্ঞান ৮০, বুৰঞ্জী ৯৫ আৰু শিক্ষাতত্ত্ব ৯৭ নম্বৰ লাভ কৰে৷
উল্লেখ্য যে কুলচুমাৰ পিতৃ চফিয়তদ্দিন আহমেদ এগৰাকী বিশেষভাৱে সক্ষম লোক। কেৱল বিচনাখন আৰু হুইল চকীখন তেওঁৰ একমাত্ৰ সাৰথি। কুলচুমাৰ পিতৃৰ মতে কন্যাৰ এই সাফল্যৰ আঁৰত ছাত্ৰী গৰাকীৰ মাতৃ চামচুন নাহাৰৰ অৱদানক আটাইতকৈ বেছি, কণ্যাক বিদ্যায়তনিক দিশত আগবঢ়াই নিবলৈ মাতৃয়ে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল বুলি আহমেদে কয়।
তদুপৰি কুলচুমাৰ পঢ়াৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়া আৰু বহুতো শুভাকাংশীৰ সহায় সহযোগিতা আগবঢ়োৱা বুলি জানিবলৈ দি সকলোকে ধন্যবাদ জনাই চফিয়তদ্দিন আহমেদে।
আনহাতে পৰিয়ালটোৰ আৰ্থিক দৈন্যতাই কুলচুমাৰ পঢ়াৰ ক্ষেত্ৰত বৰ্তমান হেঙাৰ হৈ থিয় দিছে। কুলচুমাৰ পিতৃ অসুস্থতাৰ বাবে কেৱল মাকৰ সৈতে ছাত্ৰীগৰাকীয়ে কষ্ট কৰি পৰিয়ালটো চলাই আহিছে। পেটৰ তাড়নাত আনকি কেতিয়াবা দিন হাজিৰা পৰ্যন্ত কৰিবলগীয়া হয়।
ছাত্ৰী গৰাকীৰ ফলাফলত মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীকে ধৰি মেলামৰাবাসী উৎফুল্লিত হৈ পৰিছে। বহুতো শুভাকংক্ষীয়ে ঘৰলৈ আহি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মহাবিদ্যালয় শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰীসকলে কুলচুমাক ঘৰত আহি শুভেচ্ছা জনায়।
লগতে পঢ়ক- বান পীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিছে এইসমূহ স্বেচ্ছাসেৱী সংগঠন