গুৱাহাটী: ৰাজ্যৰ শিক্ষকসকলে এল আই চি, সাংবাদিকতা, ৰাজনীতি আদিৰ লগত জড়িত থাকিব নোৱাৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰাৰ পাছতে এই সন্দৰ্ভত সঠিক তথ্য বিচাৰি শিক্ষা সঞ্চালকে ৰাজ্যখনৰ বিভিন্ন জিলাৰ শিক্ষা বিষয়াসকললৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাইয়ে শনিবাৰে ৰাজ্যখনৰ বিভিন্ন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰা নিৰ্দেশনা-পত্ৰত বিভিন্ন বিদ্যালয়ত কৰ্মৰত যিসকল শিক্ষক বা অন্য কৰ্মচাৰীয়ে নিজৰ কৰ্তব্যৰ উপৰি এল আই চি এজেণ্ট, ছপা তথা বৈদ্যুতিন মাধ্যমত সাংবাদিকতা কৰি আছে বা আন ক্ষেত্ৰত অনুজ্ঞাপত্ৰ লৈ কাম কৰি আছে তেনে শিক্ষকৰ তালিকা সাতদিনৰ ভিতৰত মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব বুলি কৈছিল৷

শিক্ষা সঞ্চালক গৰাকীৰ পত্ৰ লাভৰ পাছতেই ৰাজ্যৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ লগতে এল আই চি এজেণ্ট কিম্বা সাংবাদিকতা কৰি থকা সংশ্লিষ্ট শিক্ষকসকলৰ বিদ্যালয়সমূহত লাগিছে হাহাকাৰ৷

লক্ষণীয়ভাৱে পূৰ্বেও শিক্ষকে সাংবাদিকতাৰ লগত জড়িত হ’ব নোৱাৰিব বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল যদিও সাংবাদিকতা কৰি থকা অধিকাংশ শিক্ষকে বিষয়টোত ফাঁকি দিয়াত পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টোৱে ভেঁকোভাওনাত পৰিণত হৈছিল৷

এনে পৰিস্থিতিত এইবাৰো পূৰ্বৰ ঘোষণাৰ দৰেই চৰকাৰৰ এই নিৰ্দেশ কাগজ-কলমতে সীমাবদ্ধ থাকিব নেকি বুলিও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে৷ ৰাজ্যখনৰ এচাম শিক্ষকে এই বিষয়ত দীৰ্ঘদিন ধৰি প্ৰকৃত তথ্য গাপ দি আহিছিল যদিও শেহতীয়াভাৱে উক্ত বিষয়টোত স্বয়ং মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীসকলেও নিজে যাতে শিক্ষা বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে সকলো শিক্ষক-কৰ্মচাৰীৰ পৰা এই ক্ষেত্ৰত একোখনকৈ লিখিত পত্ৰ সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰা বুলি জনা গৈছে৷ সংগৃহীত এনে পত্ৰবোৰ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিব বুলিও চৰ্চিত হৈছে৷

লক্ষণীয়ভাৱে এল আই চি এজেণ্ট বা সাংবাদিকতা কৰি থকা কোনো শিক্ষকে যদি এই ক্ষেত্ৰত ঊৰ্ধতন কতৃৰ্পক্ষক ফাঁকি দিয়ে, তেন্তে তেনে শিক্ষকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যবস্থা লোৱা হ’ব বুলি এক সূত্ৰে জানিব পৰা গৈছে৷ একেদৰে, কোনো বিদ্যালয়ৰ প্ৰধানেও যদি এই ক্ষেত্ৰত মিছাৰ আশ্ৰয় লয়, তেনে প্ৰধান শিক্ষকৰ বিৰুদ্ধেও বিভাগীয় নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

উল্লেখ্য যে, মাধ্যমিক শিক্ষা বিভাগৰ ১১ জন শিক্ষকে এল আই চিৰ ৰঙিয়া শাখা কাৰ্যালয়ত এজেণ্ট হিচাপে কাম কৰি থকাৰ তথ্য লাভ কৰাৰ পাছতেই সেইসকল শিক্ষকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি শিক্ষা বিভাগে প্ৰকাশ কৰিছে৷ শিক্ষক বৃত্তিৰ সমান্তৰালকৈ এল আই চি আৰু সাংবাদিকতাৰ দৰে অন্যান্য বৃত্তিত নিয়োজিতসকলক মুখ্য মন্ত্ৰীয়ে সমালোচনা কৰাৰ সময়তে শিক্ষা বিভাগেও এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাত বৌদ্ধিক তথা সচেতন মহলে ইয়াক আদৰণি জনাইছে৷

ইপিনে, জিলাখনত চৰকাৰী শিক্ষানুষ্ঠানৰ একাংশ শিক্ষকে ৰাজনৈতিক দলৰ লগত জড়িত হৈ সক্ৰিয়ভাবে দলৰ কাম-কাজ কৰি অহাটো সৰ্বজনবিদিত৷ এনে একাংশ শিক্ষকৰ বিৰুদ্ধে বিজেপিৰ দলীয় কাম-কাজত জড়িত থাকি দালালি কৰি থকা বুলিও মাজে মাজে অভিযোগ উত্থাপন হয়৷ সেয়ে এনে শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক – ৩৫ খনৰ ভিতৰত ৩২ খন জিলাই জলমগ্ন, ৪৭ লাখতকৈও অধিক লোক প্ৰভাৱিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply