এবছৰৰ পিছতেই উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ অবশেষত আতৰিল বিহু।উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বছৰৰ আগতে একাদশ শ্ৰেণীত আৰম্ভ কৰিছিল বিহু সম্বন্ধীয় বিষয়। ‘অসমৰ বিহু উৎসৱ’ নামৰ পাঠ্যপুথিও প্ৰস্তুত কৰিছিল। এই বিষয়টোত ৭০ শতাংশ নম্বৰ ব্যবহাৰিক শাখাত আৰু থিয়’ৰীত আছে ৩০ শতাংশ নম্বৰ।
শেহতীয়াকৈ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে পাঠ্যক্ৰম আতৰোৱাৰ সিদ্ধান্ত লোৱা কথা ঘোষণা কৰিছিল।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই সংবাদ মাধ্যমত আগত জনিবলৈ দিয়া মতে, “বিষয়টোত ব্যৱহাৰিক সমস্যা আছে। কোনোধৰণৰ গৱেষণা নকৰাকৈয়েই পাঠ্যক্ৰমত বিষয়টো অন্তৰ্ভুক্ত কৰিছিল ।
ব্যবহাৰিক পৰীক্ষা পৰিচালনা কৰিবৰ বাবে কোন পৰীক্ষক হ’ব সেইবোৰ কথা চালিজাৰি নোচোৱাকৈ বিষয়টো আৰম্ভ কৰিছিল । আনহাতে বৰ্তমান সময়ত বিষয়টো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰো পৰিপন্থী।”
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ গৰাকীয়ে বিষয়টো নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰাৰ পোষকতা কৰিছে। বৰ্তমান সময়ত ৰাজ্যত ৯৯৮জন শিক্ষার্থীয়ে বিষয়টো অধ্যয়ন কৰি আছে।
আনহাতে একে সময়তে ঐচ্ছিক বিষয় হিচাপে আৰম্ভ কৰা স্বদেশ অধ্যয়ন বিষয়টো প্ৰত্যাহাৰ কৰা নহয় বুলি মন্তব্য কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ গৰাকীয়ে।
বহুকেইটা জাতীয় সংগঠনৰ পৰামৰ্শমৰ্মে এই বিষয়টো গ্ৰহণ কৰি এতিয়া প্ৰত্যাহাৰ কৰা চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।