টীয়ক, স্মৃতি প্ৰিয়া লাহন: ৰাজ্যত চলি থকা তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ আজি তৃতীয় দিন। তৃতীয় দিনা যোৰহাট জিলাৰ বিভিন্ন বিদ্যালয়ত উলহ মালহেৰে অনুষ্ঠিত হয় গুণোৎসৱ।

বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি গুণোৎসৱৰ কাৰ্য্যসূচীত উপস্থিত থাকে অসম আৰক্ষীৰ মহা পৰিদৰ্শক নিতুল গগৈ।

সুদীৰ্ঘ ৪০ বছৰৰ মূৰত বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰশাসনিক বিষয়া গৰাকী স্কুলৰ পৰিৱেশৰ মাজত নষ্টালজিক হৈ পৰে।

বিষয়াগৰাকীয়ে বিদ্যালয়ৰ ছাত্ৰসকলৰ শ্ৰেণীকোঠাত সোমাই শিক্ষাৰ্থীসকলক পাঠদান কৰি শিক্ষাবৃত্তিক উচ্চ প্ৰশংসা কৰাৰ লগতে শিক্ষাদানৰ জৰিয়তে দেশৰ সুনাগৰিক সৃষ্টি কৰা শিক্ষকসকলক শ্ৰদ্ধা জনায়।

ইপিনে বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শীৰ্ষ অৰক্ষী বিষয়া গৰাকীৰ লগতে পৰ্যবেক্ষকৰ দায়িত্বত থকা যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ভাস্কৰ জ্যোতি শৰ্মা আৰু টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক জয়ন্ত পাঠক উপস্থিত থাকে।

লগতে পঢ়ক – ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply