কমাৰগাঁও, চন্দন বৰা: সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাট জিলাৰ খুমটাইৰ অগ্ৰণী শিক্ষানুষ্ঠান জয়া গগৈ মহাবিদ্যালয়ৰ আশাপ্ৰদ ফলাফলে মহাবিদ্যালখনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলক উৎফুল্লিত কৰি তুলিছে।
সোমবাৰে ঘোষনা কৰা ফলাফলত মহাবিদ্যালয়খনৰ কেইবা গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
মহাবিদ্যালয়খনত ২০২১ চনৰ পৰা বিজ্ঞান শাখাত পাঠদান আৰম্ভ হৈছিল। এইবাৰ প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত ৯ জন ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হৈ আটাইকেইগৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।
ইফালে মহাবিদ্যালয়খনৰ পৰা কলা শাখাত দুগৰাকী ছাত্ৰ-ছাত্ৰী ডিষ্টিংচন, দ্বিতীয় বিভাগত ২ জন আৰু তৃতীয় বিভাগত ২৬ জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰে অস্মিতা লাহন নামৰ ছাত্ৰী গৰাকীয়ে ৯৩•৮ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।
আজি মহাবিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ মহাবিদ্যালয়খনৰ আছুৰ গোটৰ সদস্যসকলে সম্বৰ্ধনা জনায়।
লগতে পঢ়ক – শীঘ্ৰেই ভাৰতত চলিব অডিৰ বেটাৰী ব্যৱহৃত ই-ৰিক্সা