টীয়ক, স্মৃতি প্ৰিয়া লাহন: শিক্ষা মন্ত্ৰী, যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৱে আজি টীয়ক সমষ্টিৰ ৰাজৈ চাহ বাগিচাত স্থাপন কৰা নৱ নিৰ্মিত ৰাজৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা,মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আদি উপস্থিত থাকে।
অনুষ্ঠানত বিদ্যালয়খনৰ আলোচনী আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক শুভলক্ষ্মী ৰাজকুমাৰীয়ে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত সকলোৱে মুখ্য মন্ত্ৰীৰ তৎপৰতাত অসম চৰকাৰে ‘আমাৰ চাহ, আমাৰ গৌৰৱ, আমাৰ শিক্ষা আমাৰ ভৱিষ্যত’ শ্ল’গানেৰে ৰাজ্যৰ চাহ বাগিচা অঞ্চলসমূহত আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ পদক্ষেপে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভুমিকা পালন কৰিব বুলি কয়।
টীয়কৰ একমাত্ৰ আদৰ্শ বিদ্যালয়খন স্থাপন কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাই বিধায়িকাগৰাকীয়ে আগলৈও সমষ্টিৰ চাহ বাগিছাসমূহৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি যাব বুলি আশা প্ৰকাশ কৰে।
লগতে পঢ়ক – নগাঁৱত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ