নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ হিতেশ ডেকাই তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে। ডেকাই ব্যক্তিগত কাৰণত উপাচাৰ্য্য পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

সোমবাৰে ড০ ডেকাই বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য কমলা কান্ত গগৈৰ হাতত নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰাক নতুন অস্থায়ী উপাচাৰ্য্য হিচাপে নিয়োগ কৰা হয়।

পদত্যাগৰ পিছত ড০ ডেকাই সংবাদ মাধ্যমৰ আগত তেওঁ ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে আৰু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাই থকাৰ দৰে বিশ্ববিদ্যালয়খনত বিত্তীয় সংকট বা ভিতৰুৱা খেলিমেলি চলি থকাৰ কথা অস্বীকাৰ কৰে।

উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় শংকৰ সংঘই পৰিচালনা কৰে।

লগতে পঢ়ক – মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণ কৰিবলৈ ভয় দিছপুৰ আৰক্ষীৰ: কংগ্ৰেছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply