চন্দন বৰা, কমাৰগাঁও: গোলাঘাট জিলাৰ কমাৰগাঁৱৰ কাষৰীয়া বাপুজী সেন্দুৰিটিং প্ৰাথমিক বিদ্যালয়ত প্ৰতিবাদ। বিদ্যালয়খনক ২.৫ কিঃ মিঃ আঁতৰৰ সেন্দুৰিটিং বাগান প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বিদ্যালয়ৰ অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।
শিক্ষা বিভাগে ন্যূনতম ৩০ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ কৰা আৰু ১ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰৰ বিদ্যালয়হে একত্ৰীকৰণ কৰাৰ নিৰ্দেশনা দিছিল যদিও ৫০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনক প্ৰায় ২.৫ কিঃমিঃ নিলগৰ সেন্দুৰিটিং বাগান প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ বাবে প্ৰেৰণ কৰা নিৰ্দেশনাই অভিভাৱক তথা স্থানীয় ৰাইজক অসন্তুষ্ট কৰিছে।
অভিভাৱক আৰু ৰাইজে বিদ্যালয়ত প্ৰতিবাদ কৰাৰ উপৰিও শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ। ছাত্ৰ-ছাত্ৰীসকলেও অসন্তুষ্টি ব্যক্ত কৰিছে এই বিষয়ত। বিদ্যালয়খন এৰি যাবলৈ অমান্তি ছাত্ৰ-ছাত্ৰীসকল।
পুনৰ বিবেচনাৰে জৰীপ কৰি বিদ্যালয়খনৰ একত্ৰীকৰণৰ সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ ৰাইজৰ।
লগতে পঢ়ক – তামুলপুৰৰ পৰা সন্ধানহীন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী