মঙলদৈ, প্ৰবীণ বৰুৱা: ৰূপশিখা নাথ এজনী মৰম লগা ছোৱালী, যিজনী ছোৱালীৰ মুখত অনবৰতে লাগি থাকে এমোকোৰ হাঁহি। হাঁহি হাঁহিয়েই জীৱনৰ ২১ টা বসন্ত গৰকা এই ছোৱালীজনী জন্মৰ পৰাই কঁকালৰ তলৰ অংশ একেবাৰে বিকল; খোজ কাঢ়িব নোৱাৰে। আনহাতে বাওঁহাত খনেৰে বস্তু দাঙিব নোৱাৰে। তথাপিও পিতৃ-মাতৃয়ে ‘ছোৱালীজনী আমাৰ বোজা নহয়, আমাৰ বাবে আশীৰ্বাদ’ বুলি ভাবি নিৰাশ তথা দুঃচিন্তাত নিমগ্ন নহৈ অথবা ভগৱানক দোষ নিদি ছোৱালীজনীৰ আলপৈচান ধৰাত ব্যস্ত থাকে।

হুইল চেয়াৰত বহি আৰু বিচনাত শুই থাকিয়েই শৈক্ষিক দিশত দোপত দোপে আগবাঢ়ি যোৱা এই ছোৱালীজনীয়ে বৃহস্পতিবাৰে ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)-ত ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰে।

বিশেষভাৱে সক্ষম হৈয়ো হাৰ নমনা মঙলদৈ জ্যোতিনগৰ নিৱাসী তথা আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক দম্পতী কমলেশ্বৰ নাথ আৰু হেমন্তী নাথৰ তৃতীয় সন্তান ৰূপশিখা নাথে মঙলদৈ মহাবিদ্যালয়ৰ পৰা এইবাৰ ৰাজনীতি বিজ্ঞান বিষয়ত ৮১.৫৪ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰী লাভ কৰিছে।

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ৰূপশিখাৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি ভৱিষ্যতে লণ্ডন স্কুল অৱ ইক’নমিক্সৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ হেঁপাহ।

মঙলদৈৰ ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ ৭৯.৬৭ শতাংশ, মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ নম্বৰসহ ৭৩.৬৭ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ৰূপশিখাই স্নাতক পৰ্যায়ত ঘৰতেই পঢ়ি পৰীক্ষাত অৱতীৰ্ণ হৈছিল, মাত্ৰ ২২ দিন হুইল চেয়াৰত বহি তেওঁ মঙলদৈ মহাবিদ্যালয়ত পাঠগ্ৰহণ কৰিছিল।

মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ক্ৰমে – ইছাৰাম নাথ, ড০ বৰ্ণালী ডেকা, অনুপম ঠাকুৰীয়াই ছাত্ৰী গৰাকীৰ ঘৰলৈ গৈ মাজে সময়ে পাঠদান কৰি তাইক উৎসাহিত কৰিছিল। তদুপৰি শ্ৰেণী কোঠাত অইন ছাত্ৰ ছাত্ৰীক পাঠদান কৰি থকা অৱস্থাত অধ্যাপক সকলে নিজৰ মোবাইল অন কৰি ঘৰতেই থকা ৰূপশিখা নাথক পাঠগ্ৰহণ কৰাত সহায় কৰিছিল।

এনেদৰে শৈক্ষিক দিশত আগবাঢ়ি গৈ বহুতৰ বাবে সাহস আৰু প্ৰেৰণা স্বৰূপ হৈ পৰা ৰূপশিখা নাথে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰাৰ বতৰাই মঙলদৈবাসীক উৎফুল্লিত কৰি তুলিছে।

লগতে পঢ়ক – কটন বিশ্ববিদ্যালয়ত নিযুক্তি সৃষ্টি; আৱেদন আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply