অসমত নতুনকৈ ১৬ খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান [আই টি আই] নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছে৷ ৰাজ্যখনৰ প্ৰতিটো ব্লকতে একোখন আই টি আই হ’ব লাগিব৷ এই লক্ষ্যৰে আমি পি পি পি মডেলত কিছুমান আই টি আই কৰিব বিচাৰিছোঁ৷ ৰাজ্যখনত থকা ব্যক্তিগত আই টি আইসমূহৰ লগতো আলোচনা কৰা হৈছে৷
স্কীল ডেভেলপমেণ্টৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে৷ ৭৫বছৰ গৰকা যোৰহাট ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি এড্ভান্স ইলেক্ট্ৰিকেল এণ্ড ছ’লাৰ ট্ৰেইনিং চেণ্টাৰ উদ্বোধন কৰি এইদৰে কয় ৰাজ্যৰ স্কীল ডেভেলপমেণ্ট, নিয়োগ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷
যোৰহাট আই টি আইত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বাজেটত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩০০ কোটি টকা আবণ্টন দিছে৷ যাতে আই টি আইসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে পুৰণা ইকুইপমেণ্টসমূহৰ ঠাইত নতুন কৰিব পাৰি৷
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰিকৰী উদ্যমিতা বিকাশ বিভাগটোত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ প্ৰতিটো ব্লকতে স্কীল এডুকেশ্যন দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে৷ কাৰণ অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যৎ এই আই টি আইবিলাকৰ মাজত লুকাই আছে৷
এতিয়া চাকৰি বিচাৰি দৌৰি থকা পৰিৱেশ নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নিবনুৱাসকলে নিজৰ উদ্যমিতা বিকাশ কৰাৰ সময়৷ উদ্যমিতা থকা যোগ্য মানুহে চাকৰি বিচাৰি দৌৰিব নালাগে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ব্যৱস্থা কৰিলে যে এ পি এছ চিৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে চাকৰি বিচাৰি মন্ত্ৰী পিছে পিছে দৌৰিব নালাগে৷ নিজৰ যোগ্যতাৰ ভিত্তিত এতিয়া চাকৰি লওক৷ সেইবাবেই এতিয়া নিজৰ যোগ্যতা বিকাশ কৰক৷
মন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে আমি যোগ্যতাৰ ভিত্তিত নতুন প্ৰজন্মক নিযুক্তি দি অসমখনৰ সামগ্ৰিক পৰিৱৰ্তন আনিব বিচাৰিছোঁ৷ ইয়াৰ ফলত দুৰ্নীতিও লাহে লাহে নোহোৱা হ’ব৷ প্ৰসংগক্ৰমে তেওঁ কয় যে স্কীল বিশ্ববিদ্যালয় হৈছে৷
ৰাজ্যৰ প্ৰত্যেকখন আই টি আই পলিটেকনিক উন্নয়ন কৰাৰ কথা চিন্তা-চৰ্চা কৰিেঁছা আৰু বৰ্তমান সময়ৰ লগত ৰজিতা খুৱাই নতুন বিষয় অন্তৰ্ভুক্ত কৰিব বিচাৰিছোঁ৷
ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম ট্ৰাষ্টৰ যোগেদি হোৱা ট্ৰেইনিং কেন্দ্ৰটো উদ্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই ট্ৰাষ্টৰ যোগেদি যোৰহাটকে ধৰি ৰাজ্যৰ তিনিখন আই টি আইত এই প্ৰশিক্ষণ কেন্দ্ৰৰ সংযোজন কৰা হৈছে৷
অনুষ্ঠানটোত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, এছ ই ই ডিৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী, ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ বিষয়া, যোৰহাট আই টি আইৰ অধ্যক্ষকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোৰহাট এন চি চি একাডেমি পৰিদৰ্শন কৰি এন চি চি কেডেটসকলৰ লগত মত বিনিময় কৰে৷