গুৱাহাটী: অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমীক্ষাত ওলাইছে ৰাজ্যৰ শিক্ষা বিভাগৰ পঁয়ালগা ছবি। মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ সমষ্টিতে আছে শিক্ষক বিহীন প্ৰাথমিক বিদ্যালয়। গুণৎসৱৰ পূৰ্বে বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী। বিগত দুবছৰ ধৰি অনুষ্ঠিত হোৱা নাই বৃত্তি পৰীক্ষা।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমীক্ষই উদঙাইছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত ছবি। শেহতীয়াকৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চলোৱা এক সমীক্ষাত মুখ্যমন্ত্ৰীৰ গৃহ মহকুমাতে ৩৭ খন আৰু শিক্ষামন্ত্ৰীৰ গৃহ জিলাত ১৭ খন শিক্ষক বিহীন বিদ্যালয় আছে। ৰাজ্যত ৩১৪ খন বিদ্যালয় শিক্ষক বিহীনভাৱে চলি আছে।
৩৬৮৫ খন বিদ্যালয় চলি আছে এজনীয়া শিক্ষকেৰে। ১৬৬৪ খন এটা গৃহীৰ বিদ্যালয় আছে ৰাজ্যত। সন্মিলনীয়ে ৰাজ্যৰ ৩২ জন জিলাৰ ৫১ টা শিক্ষা মহকুমাৰ ৩৩৮২৯ খন বিদ্যালয়ৰ মাজত চলোৱা সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যত বৰ্তমান ৩১৪ খন শিক্ষক বিহীন বিদ্যালয় আছে। সহস্ৰাধিক বিদ্যালয়ত শৌচাগাৰ আৰু দহ হাজাৰৰো অধিক বিদ্যালয়ত বিদ্যুৎ সংযোগ নাই।
সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে বৃহত দুবছৰ ধৰি বৃত্তি পৰীক্ষা অনুষ্ঠিত হোৱা নাই। প্ৰথমে বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিব লাগে ইয়াৰ পিছতে চৰকাৰে গুণৎসৱ অনুষ্ঠিত কৰক। ২০ এপ্ৰিলৰ পূৰ্বে বৃত্তি পৰীক্ষাৰ দিন ঘোষণা কৰা, প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ চৰকাৰৰ সিদ্ধান্ত অতি শীঘ্ৰে কাৰ্যকৰী কৰা, ঠিকা ভিত্তিক শিক্ষক সকলক সুবিধা সমূহ আদায় দিয়াৰ দাবী জনায়।
লগতে পঢ়ক – কমাৰগাঁৱত ঐতিহাসিক মহুৰা আলি নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ