শিলচৰ: শিলচৰস্থিত নেশ্যনেল ইন্সটিটিউট অৱ টেকন’লজি (NIT)-ত এজন ছাত্ৰৰ ওপৰত প্ৰতিষ্ঠানটোৰ চৌহদৰ ভিতৰতে জ্যেষ্ঠ ছাত্ৰই শাৰীৰিক নিৰ্যাটন চলোৱাৰ অভিযোগ পোহৰলৈ আহিছে।
প্ৰতিষ্ঠানটোৰ Electrical Engineering বিভাগত নামভৰ্তি কৰা কৰিমগঞ্জ জিলাৰ পাথৰকান্দিৰ এজন ছাত্ৰই তেওঁৰ ওপৰত কেইগৰাকীমান জ্যেষ্ঠ ছাত্ৰই নিৰ্যাটন চলোৱাৰ অভিযোগ আনে। ছাত্ৰজনৰ মতে যোৱা ২৮ এপ্ৰিলত ৯জন জ্যেষ্ঠ ছাত্ৰই তেওঁক প্ৰহাৰ কৰাৰ লগতে তেওঁৰ মোবাইল ফোন আৰু লেপটপ ভাঙি পেলায়।
পিছত কেইজনমান সতিৰ্থই তেওঁৰ উক্ত দলটোৰ পৰা উদ্ধাৰ কৰি এখন এম্বুলেঞ্চত তুলি শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিটালত ভৰ্তি কৰায় আৰু তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই বুলি ছাত্ৰজনে দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছে।
ঘটনা সংঘটিত হোৱা এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো NIT-ৰ কৰ্তপৃক্ষই অভিযুক্ত ছাত্ৰ কেইজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ আৰক্ষীৰ সহায় বিচাৰিবলৈ বাধ্য হয় বুলি ছাত্ৰজনে মন্তব্য কৰে।
ছাত্ৰজনে তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ ভাবুকি প্ৰদান কৰাৰ লগতে বিষয়টো আৰক্ষীৰ ওচৰলৈ নিনিয়াকৈ নিষ্পত্তি কৰিবলৈ ধনৰ লোভ দেখুওৱা হৈছে বুলি অভিযোগ কৰি কয়, ‘‘মই নিৰাপদ অনুভৱ কৰা নাই। মই অচিনাকী নম্বৰৰ পৰা ভাবুকি পাই আছো। মোৰ জীৱনৰ প্ৰতি বিপদ আহি পৰা যেন লাগিছে। ঘটনাটোৱে মোক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে।’’
ভি সিং নামৰ স্থানীয় আৰক্ষী থানাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে তেওঁলোকে ইতিমধ্যে এটা গোচৰ ৰুজু কৰাৰ লগতে বিষয়টো NIT শিলচৰৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিছে, NIT-ৰ কৰ্তৃপক্ষই তেওঁলোকক গোচৰটোৰ অনুসন্ধানত সকলো প্ৰকাৰে সহায় কৰাৰ কথা দিছে বুলি তেওঁ লগতে কয়।
আৰক্ষীয়ে তদন্ত চলাই আছে যদিও বাতৰি যুগুত কৰা সময়লৈকে ঘটনা সম্পৰ্কত কোনো লোকক আটক বা গ্ৰেপ্তাৰ কৰা নাই।
আনহাতে ইষ্টম’জ’য়ে যোগাযোগ কৰাত NIT শিলচৰৰ পঞ্জীয়ক কে এল বৈশ্যই এজাহাৰকাৰী ছাত্ৰজনে তেওঁলোকক অৱগত নকৰাকৈ বিষয়টো আৰক্ষীৰ ওচৰলৈ নি প্ৰতিষ্ঠানটোৰ নিয়ম ভংগ কৰিছে বুলি মন্তব্য কৰে।
‘’ছাত্ৰজনে NIT-ৰ নিয়ম ভংগ কৰিছে। আমি বিষয়টো সম্পৰ্কত প্ৰশাসনীয় ব্যৱস্থা হাতত লৈছো,’’ তেওঁ কয়।
লগতে পঢ়ক – ”বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি: ব্যৰ্থতাৰ এটা বছৰ”- অখিল গগৈ