চন্দন বৰা, কমাৰগাঁও: যি সময়ত সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰিব নোৱাৰি বহু বিদ্যালয়ৰ প্ৰধানে অসম চৰকাৰৰ ওচৰত জবাবদিহি হৈছে তেনে সময়তে গোলাঘাট জিলাৰ বানাক্ৰান্ত অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ে ভাল ফলাফল দেখুৱাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ বিদ্যালয়খনৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ৯৫ গৰাকীৰ পৰীক্ষাৰ্থীৰ ৮০ গৰাকীয়ে উত্তীৰ্ণ হয়, উত্তীৰ্ণ হাৰ প্ৰায় ৮৪ শতাংশ। প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰি অহা এই বিদ্যালয়খন হৈছে বোকাখাত মহকুমাৰ মহুৰামুখ সমীপৰ বংকুৱাল হাইস্কুল।
কিন্তু তিনিবাৰকৈ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কবলত ভেটি সলোৱা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক-শিক্ষয়িত্ৰী। নাই পৰ্যাপ্ত শ্ৰেণী কোঠা। বাঁহ বেৰৰ ভগ্ন প্ৰায় এটা কোঠাত একেলগে দুটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আহিছে। উৎকট গৰম মাজতে ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰে পাঠ।
উল্লেখযোগ্য যে বানাক্ৰান্ত অঞ্চলটোৰ একমাত্ৰ হাইস্কুলখনত ৩৮০ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে প্ৰধান শিক্ষককে ধৰি মাত্ৰ ৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে বহু কষ্টৰে পাঠদান কৰি আহিছে। ইয়াৰে প্ৰধান শিক্ষকসহ উচ্চ মাধ্যমিকত ৫ গৰাকী আৰু নিম্ন মাধ্যমিক শাখাৰ ২ গৰাকী শিক্ষক। বিদ্যালয় পৰিচালনা সমিতিয়ে শিক্ষা বিভাগক বহুবাৰ যোগাযোগ কৰিছে যদিও বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া সমস্যাটো আজি পৰ্যন্ত সমাধান কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।
কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ জন্মভূমি বোকাখাত বিধান সমষ্টিৰ বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকৰ অভাৱ, ভগ্ন প্ৰায় শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।
আনহাতে বানবিধস্ত অঞ্চলটোৰ একমাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়খনত শিক্ষক নিযুক্তি, পকী শ্ৰেণী কোঠা নিৰ্মাণ কৰিবলৈ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুক স্থানীয় ৰাইজে আবেদন নিবেদন কৰিছে যদিও আজি পৰ্যন্ত বিদ্যালয়খনৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ স্থানীয় ৰাইজৰ।
ইফালে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যালয়খনত শীঘ্ৰে শিক্ষক নিযুক্তি আৰু শ্ৰেণীকোঠা নিৰ্মাণ কৰি দিবলৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে।