গুৱাহাটী, ছৰফৰাজ খান: ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সমূহৰ অৱস্থা দিনক দিনৰ অধিক শোচনীয় হৈ পৰিছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহৰ অৱস্থাকলৈ চিন্তা ব্যক্ত কৰিছে। মুখ্য মন্ত্ৰীয়ে আগন্তক ১০ বছৰত ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষকসকল স্বইচ্ছাই অৱসৰ গ্ৰহণ কৰিব লগীয়া এক পৰিৱেশ আহিব পাৰে বুলিও মন্তব্য প্ৰকাশ কৰিছে।
কিন্তু মহানগৰী গুৱাহাটীৰ এখন চৰকাৰী বিদ্যালয়ৰ পৰিৱেশ দেখিলে আপুনি মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়সমূহক লৈ প্ৰকাশ কৰা আশংকা ভুল বুলি প্ৰমাণিত হ’ব। মহানগৰীৰ এই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আন চৰকাৰী বিদ্যালয় সমূহৰ পৰা সম্পূৰ্ণ বেলেগ। এই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ দেখি বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰীয়ে ঢাপলি মেলিছে।
দিছপুৰ সমষ্টিৰ অন্তৰ্গত জটীয়াৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়খনত পূৰ্বৰ তুলনাত এইবছৰ বৃদ্ধি পাইছে ছাত্ৰ- ছাত্ৰীৰ সংখ্যা। এইবাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়খনত ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ নাম ভৰ্তি কৰিছে। বিদ্যালয়খনৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল আকৰ্ষিত হোৱাত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক উৎফুল্লিত হৈ পৰিছে।
ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী সকলক আধুনিক পদ্ধতিৰে ডিজিটেল শিক্ষা প্ৰদান কৰা হয়। কিতাপ- বহিৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলৰ হাতত টেবলেট তুলি দিয়া হৈছে। টেবলেটৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰি পূৰ্বৰ তুলনাত অধিক উপকৃত হোৱা বুলি প্ৰকাশ কৰে।
অৱশ্যে ছাত্ৰ-ছাত্ৰী সকলে টেবলেট লাভ কৰিবলৈ পৰিশোধ কৰিব লাগে এক মাননি। প্ৰতিদিনে এই মাননি দিবলৈ সক্ষম হ’লে ছাত্র-ছাত্ৰী সকলে অংক আৰু অসমীয়া বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে টেবলেটত। মাননি নিদিয়া ছাত্ৰ-ছাত্ৰীয়ে অৱশ্যে অংক আৰু অসমীয়াৰ যিকোনো এটা বিষয় টেবলেটত অধ্যয়ন কৰিব পাৰে।
অকছাৰ ফাউনদেশ্যন নামৰ এক বেচৰকাৰী সন্থাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক এই বিশেষ সুবিধা প্ৰদান কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে অকছাৰ ফাউনদেশ্যনৰ কৰ্মকর্তাসকলৰ হাতত পেলনীয় প্লাষ্টিক আৰু বটল তুলি দিয়ে। সংস্থাটোৱে প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষাও প্ৰদান কৰে।
লগতে পঢ়ক – মৃত্যুৰ ৮০ বছৰৰ পাছত জন্মস্থান বোকাখাতত উন্মোচন কৰা হ’ব শ্বহীদ কমলা মিৰিৰ পূৰ্ণাংগ প্ৰতিমুৰ্ত্তি