নিউজ ডেস্ক: চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজালেও আজিও অসমৰ একাংশ অঞ্চলত পৰা নাই শিক্ষাৰ পোহৰ। সুদীৰ্ঘ ৫২ বছৰ ধৰি কাৰ্বি-আংলং জিলাৰ এখন গাঁৱে বিদ্যালয়ৰ মুখ দেখা নাছিল।

জিলাখনৰ ছাইজাং গাঁৱত ১৯৭০ চনৰ পিছত সুদীৰ্ঘ ৫২ বছৰৰ অন্তত শুকুৰবাৰে উদ্বোধন কৰা হ’ল প্ৰথমখন প্ৰাথমিক বিদ্যালয়। পাহাৰীয়া অতি দুৰ্গম অঞ্চলটোত বসবাস কৰা চাইজাং বাসীৰ কাৰণে এক সপোন আজি বাস্তৱত ৰূপান্তৰিত হৈছে।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত বিদ্যালয়খন মুকুলি হ’ল ঠিকেই কিন্তু পাঠদানৰ বাবে নাই শ্ৰেণী কোঠালি। এটা হলতে কৰা হৈছে পাঠদানৰ ব্যৱস্থা। তাকো ছাত্ৰ-ছাত্ৰীৰ বাবে নাই কোনো যাৱতীয় সুধিধা।

বিদ্যালয়খনত পাহাৰীয়া অঞ্চলটোৰ ৮০ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে যদিও তেওঁলোকৰ বিপৰীতে আছে মাত্ৰ এজন শিক্ষক, যাক লৈ প্ৰধান শিক্ষকে অসন্তুষ্টি প্ৰকাশ কৰিছে। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে কৰা চৰম হেমাহীৰ অঞ্চলটোৰ শিক্ষা ব্যৱস্থা এতিয়াও বহু পিছপৰি আছে।

লগতে পঢ়ক – কাজিৰঙাত আৰক্ষীৰ গুলীচালনাৰ ঘটনা ধন দাবী কৰিবলৈ অহা তিনিজনক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply