কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইৰ একমাত্ৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ উদ্যোগত আৰু মেলামৰা কলেজৰ সহযোগত খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “নাকৰ সংশোধিত মূল্যায়ন আৰু প্ৰত্যায়ন পদ্ধতি” শীৰ্ষক বিষয়ত এখন মনোজ্ঞ কৰ্মশালা অনুষ্ঠিত হয়।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ অমিয় কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাখনৰ সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড৹ চন্দন শৰ্মাই।
মহাবিদ্যালয়খনৰ অভ্যন্তৰীণ মান নিশ্চয়তা কোষৰ সমন্বয়ক ড৹ অনন্ত গগৈয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা আৰু বোকাখাত জে ডি এছ জি কলেজৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে উদ্বোধন কৰা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়াই উত্তৰ-পূবৰ একমাত্ৰ NAACৰ A+ গ্ৰেড প্ৰাপ্ত মহাবিদ্যালয় ফৰকাটিং কলেজৰ অধ্যক্ষ ড৹ অপূৰ্ব শইকীয়াই।
ড৹ শইকীয়াই তেখেতৰ ভাষণত নাকৰ মূল্যায়ণ ব্যৱস্থাত সফলতা লাভ কৰিবৰ বাবে প্ৰত্যেক উচ্চশিক্ষা প্ৰতিষ্ঠানে নিজা নিজা লক্ষ্য আৰু দায়বদ্ধতাসমূহ পৰিপূৰণক সৰ্বাধিক প্ৰাধান্য দি NAACৰ দ্বাৰা নিয়মীয়া আৰু পদ্ধতিগত মূল্যায়নৰ ওপৰত বহুলভাৱে আলোকপাত কৰে।
ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰায় ৮০জনৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ লোৱা এই কৰ্মশালাত অন্যতম সমল ব্যক্তি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক তথা একেখন বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চয়তা কোষৰ সমম্বয়ক ড৹ কল্যাণ ভূঞাই তেখেতৰ ভাষণত NAACৰ মূল্যায়নৰ ক্ষেত্ৰত মহাবিদ্যালয়সমূহে প্ৰত্যেকটো শৈক্ষিক, প্ৰশাসনিক আৰু সম্প্ৰসাৰিত কাৰ্যক্ৰমৰ বিপৰীতে উপযুক্ত হোৱাকৈ প্ৰয়োজনীয় লিখিত নীতি আৰু যাৱতীয় নথি-পত্ৰ প্ৰস্তুতকৰণত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়।
মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড৹ ডেইজী নৰহে আঁত ধৰা আৰু গ্ৰন্থগাৰীকা ড৹দীপা বৰুৱাই কাৰ্যবিৱৰণী প্ৰস্তুত কৰা এই কৰ্মশালাত মেলামৰা কলেজৰ অধ্যক্ষ সঞ্জীৱ বৰুৱা আৰু মহাবিদ্যালয় পৰিচলনা সমিতিৰ সভাপতি থগীৰাম গগৈকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
লগতে পঢ়ক – ৫ ৰাজ্যৰ নিৰ্বাচন; ক’ত, কেনেকৈ, কেতিয়া চাব পাৰিব exit pollৰ ফলাফল?