পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই এগৰাকী ছাত্ৰীক বিহা শাস্তিৰ ভিডিঅ’ক লৈ অধ্যাপিকা গৰাকীকে কামৰ পৰা অব্যাহতি দিছে বিশ্ববিদ্যালয় খনে।


বিশ্ববিদ্যালয় খনত যোৱা ৫ বছৰ ধৰি ঠিকাভিত্তিক শিক্ষক হিচাবে কাম কৰি থকা জয়শ্ৰী দাসৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ এটা হোৱাটছএপ গ্ৰুপত কটু আৰু অশালীন মন্তব্য কৰিছিল এগৰাকী ষষ্ঠ ষন্মাসিকৰ ছাত্ৰীয়ে।

ইয়াকে লৈ শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰীগৰাকীক শাৰিৰীক মানসিক শাস্তি দি গোটেই ঘটনাটোৰ ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উঠে। ছাত্ৰী গৰাকীয়ে শিক্ষয়িত্ৰী গৰাকীক তেও কৰা ভুলৰ বাবে ক্ষমা বিচাৰিছিল।

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ পৰিষদৰ আহ্বানত বিশ্ববিদ্যালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাত বিশ্ববিদ্যালয় ছাত্র কল্যাণ পৰিষদৰ বিষয়ববীয়া, বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সভাপতি, সম্পাদক সমন্বিতে নেতৃত্ব আৰু প্ৰতিটো বিভাগৰে মুৰব্বী অধ্যাপকৰ মাজত সমগ্র বিষয়টো আলোচনা হয়। য’ত সৰ্বসম্মতি ক্রমে জয়শ্রী দাসক অপসাৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
পৰৱৰ্তী সময়ত সেই প্ৰস্তাৱ বিশ্ববিদ্যালয়খনৰ উপাচার্যলৈ প্ৰেৰণ কৰা হয়। এই প্ৰস্তাৱৰ ভিত্তিতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই জয়শ্রী দাসক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বিশ্ববিদ্যালয়ৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়ক-ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰীক শাস্তি দিয়া ঘটনাক লৈ সৰ্বত্তে প্ৰতিক্ৰিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply