নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষা সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। ন্যায়ালয়ে দশম আৰু দশম শ্ৰেণীৰ বৰ্ড পৰীক্ষা অনলাইনযোগে অনুষ্ঠিত নহ’ব বুলি জনায়। বুধবাৰে শুনানি গ্ৰহণ কৰি অফলাইন পৰীক্ষা প্ৰত্যাহাৰ কৰাৰ আৱেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।

শুনানি গ্ৰহণৰ সময়ত বিচাৰপীঠে আৱেদনকাৰীক কঠোৰভাৱে কয় যে- এনে ধৰণৰ আৱেদনৰ শুনানি গ্ৰহণ কৰিলে অধিক ভ্ৰম সৃষ্টি হয়। এনেধৰণৰ আৱেদনে ছাত্ৰ-ছাত্ৰীসকলক মিছ আশা দিয়ে

লগতে ন্যায়ালয়ে কয়- ইতিমধ্যে পৰীক্ষা তাৰিখ আৰু আনবোৰ ব্যৱস্থা গ্ৰহণৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে। যদি সকলো ব্যৱস্থা গ্ৰহণৰ পাছত কোনো লোক সমস্যাৰ সন্মুখীন হয় তেন্তে তেওঁলোকে বৰ্ডৰ সৈতে যোগাযোগ কৰিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply