নিউজ ডেস্ক: প্ৰধান মন্ত্ৰী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ২৭,৩৬০ কোটি টকীয়া পিএম স্কুল ফৰ ৰাইজিং ইণ্ডিয়া চমুকৈ PM-SHRI আঁচনিত অনুমোদন জনাইছে। সমগ্ৰ দেশৰ ১৪,০০০ তকৈও অধিক বিদ্যালয়ক সামৰি ল’ব লগীয়া উক্ত আচনিৰ জৰিয়তে ১৮৭ লাখ শিক্ষাৰ্থী উপকৃত হ’ব বুলি আশা কৰা হৈছে।
আজি কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অনুৰাগ ঠাকুৰে সংবাদ মাধ্যমৰ আগত আঁচনিখনৰ সম্পৰ্কে বাখ্যা আগবঢ়াই এই আঁচনিৰ অধীনত কেন্দ্ৰীয় বিদ্যালয় আৰু নবোদয় বিদ্যালয়ৰ লগতে ৰাজ্য চৰকাৰ আৰু স্থানীয় সংস্থাসমূহৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহক সামৰি লোৱা হ’ব বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে যোৱা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিদ্যালয়সমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে দেশৰ ১৪,৫০০ খন বিদ্যালয়ক PM-SHRI আঁচনিৰ অধীনত আধুনিকীকৰণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।
উক্ত প্ৰকল্পৰ বাবে অহা পাঁচ বছৰত ২৭,৩৬০ কোটি টকা ধাৰ্য কৰা হৈছে আৰু ইয়াৰে ১৮,১২৮ কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব।
লগতে পঢ়ক – গুৱাহাটীত পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা