ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এইবাৰ ৰেগিঙক লৈ দুই জ্যেষ্ঠ ছাত্ৰক বহিষ্কাৰ কৰাৰ ঘটনা। যি সময়ত শিক্ষা প্ৰতিষ্ঠান সমূহত ৰেগিং বিৰোধী অভিযান চলিছে সেই একেটা সময়তে ৰাজ্যৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এখন জাননী পত্ৰই ছাত্ৰ-সমাজক লজ্জিত কৰি তুলিছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২১-২০২২ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত আছু সমথিত প্ৰাৰ্থী ৰূপে সহকাৰী সাধাৰণ সম্পাদক হিচাবে জয়ী হোৱা ঋতুপৰ্ণ দাস নামৰ ছাত্ৰ জন নিজেই নামিল ৰেগিঙত। এজন জুনিয়ৰ ছাত্ৰৰ ওপৰত অত্যাচাৰ চলোৱাৰ অপৰাধত বিশ্ববিদ্যালয়ৰ প্ৰশাসনে বহিষ্কাৰ কৰিলে ঋতুপৰ্ণ দাসক।

উল্লেখ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাৰিকৰী ও প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দুই পঞ্চম সান্মাষিকৰ ছাত্ৰয়ে গুৰুপ্ৰসাদ দাস ছাত্ৰ নিৱাসত এজন জুনিয়ৰ ছাত্ৰক ৰেগিং চলায় শাৰীৰিক ভাৱে আক্ৰমন কৰে।
পীড়িত ছাত্ৰ জনৰ গোচৰৰ ভিত্তিত বিশ্ববিদ্যালয়ৰ কতৃপক্ষই এই ৰেগিং কাণ্ডৰ লগত জড়িত থকা দুজন ছাত্ৰক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। এই ৰেগিং কাণ্ডৰ সৈতে ঋতুপৰ্ণ দাসৰ সৈতে কিংকো শইকীয়াকো দুবছৰৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা জাননী জাৰি কৰিছে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে।