নিউজ ডেস্ক: দৰিদ্ৰতাক নেওচি সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা (NEET) উত্তীৰ্ণ হৈ এইমছ (AIIMS)-ত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে নামভৰ্তিৰ সুযোগ লাভ কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বজালীৰ ৰাহুল দাসৰ সফলতাৰ কাহিনী এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

শেহতীয়াকৈ কেতবোৰ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত সমপ্ৰচাৰ হোৱা খবৰ অনুসৰি ৰাহুল দাসে ভুৱা তথ্যৰে তেওঁ এইমছত চীট লাভ কৰা বুলি সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰিছিল।

উল্লেখযোগ্য যে পাটাছাৰকুছিৰ এগৰাকী চাহ দোকানীৰ পুত্ৰ ৰাহুলে ২০২১ চনৰ নৱেম্বৰত অনুষ্ঠিত NEET পৰীক্ষাত ৪৬৪ নম্বৰ লাভ কৰা বুলি দাবী কৰিছিল, কিন্তু ইষ্টম’জ’ৰ হাতত আহি পৰা তেওঁৰ মাৰ্কছীটৰ মতে ৰাহুলে মুঠ ৭২০ নম্বৰৰ ভিতৰত কেৱল ১০৬ নম্বৰহে লাভ কৰিছিল।

উল্লেখযোগ্য যে ৰাহুলৰ সফলতাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে যুৱকজনৰ বাসগৃহত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুলৰ অধ্যয়নৰ খৰচৰ দায়িত্ব গ্ৰহণ কৰিব বুলি কৈছিল।

জানিব পৰা মতে ইয়াৰ পূৰ্বেও ৰাহুল দাসে নিজৰ বিষয়ে মিছা কথাৰে মানুহক আভুৱা ভৰি আহিছিল। আনহাতে শেতহতীয়াকৈ তেওঁৰ ভুৱা সফলতাৰ কথা সামাজিক মাধ্যম তথা বিভিন্ন সংবাদ মাধ্যমত বিয়পী পৰাৰ পিছৰ পৰা ৰাহুলে তেওঁৰ ফোন অ’ফ কৰি আত্মগোপন কৰি আছে।

তদুপৰি তেওঁৰ নামত থকা এটা ফে’চবুক একাউণ্টত দিয়া এটা প’ষ্টত ৰাহুলে এইয়া তেওঁৰ বিৰুদ্ধে এখন ‘নাটক’ চলি আছে বুলি অভিযোগ কৰি গোটেই ঘটনাৰ বাবে মানসিকভাৱে অশান্তিত ভুগি থকা বুলি কয়। ইয়াৰ উপৰি ‘মানসিক ভাৰসাম্য হেৰুৱাই’ চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলিও ফে’চবুক প’ষ্টত উল্লেখ কৰে।

লগতে পঢ়ক – নুমলীগড়ৰ এটি নিঠৰুৱা পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply