গুৱাবাটী: শিক্ষাগ্ৰহণক মনোগ্ৰাহী কৰাৰ ক্ষেত্ৰত আগবঢ়াই অহা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে গুৱাহাটীৰ ডাউন টাউন স্কুলৰ অধ্যক্ষ মায়া আলফ্ৰেড ফাৰ্নাণ্ডেছক নতুন দিল্লীৰ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত অষ্টম ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ২০২২ বৰ্ষৰ সন্মানীয় আব্দুল কালাম ৰাষ্ট্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ বঁটা প্ৰদান কৰা হয়।
এই উপলক্ষে দেওবাৰে ফাৰ্নাণ্ডেছক উদ্ধৃতি, প্ৰমাণ পত্ৰ আৰু পদকেৰে সন্মানিত কৰা হয।
উল্লেখযোগ্য যে প্ৰতি বছৰে চেণ্টাৰ ফৰ এডুকেশ্যনেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে এই বঁটা প্ৰদান কৰি আহিছে। চিবিএছই, এনচিইআৰটি, আৰু এনআইঅ’এছৰ বিশিষ্ট শিক্ষাবিদসকলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাবিদসকলে এই অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানটোত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল অধ্যাপক এম এম পণ্ট (ইগনৌৰ প্ৰাক্তন প্ৰ’ ভাইচ চান্সেলৰ); অধ্যাপক চিবি শৰ্মা (এনআইঅ’এছৰ প্ৰাক্তন অধ্যক্ষ), মেজৰ জেনেৰেল বিক্ৰম ডগৰা (এভিএছএম, ভাৰতীয় সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল) আৰু মেজৰ হৰ্ষ কুমাৰ (এনচিইআৰটিৰ প্ৰাক্তন সচিব)।
এইবাৰ ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ বিষয় আছিল ‘বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (NEP 2020) ৰূপায়ণ কৰা’। অনুষ্ঠানটোত ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰাৰ লগতে দক্ষতাভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
উক্ত অনুষ্ঠানত বঁটা লাভ কৰা আন ১০০ গৰাকী শিক্ষাবিদৰ ভিতৰত ডাউন টাউন স্কুলৰ মায়া ফাৰ্নাণ্ডেজ অন্যতম। উক্ত বঁটাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২০০ গৰাকী আবেদনকাৰীয়ে বিভিন্ন শিতানত মনোনয়ন দাখিল কৰিছিল আৰু ইয়াৰ ভিতৰত ১০০ গৰাকী শিক্ষাবিদক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
লগতে পঢ়ক – গ্ল’বেল মাৰ্কেটৰ বাবে পুনৰ ব্যৱহাৰযোগ্য ৰকেট ডিজাইন, নিৰ্মাণ কৰিব ভাৰতে: ISRO