গুৱাহাটী: National Testing Agency-এ ঘোষণা কৰা JEE Mains-ৰ ফলাফলত গুৱাহাটীৰ স্নেহা পাৰিকে দ্বিতীয় স্থান অধিকাৰ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গুৱাহাটীৰ ৰাজগড়ৰ ৰাজীৱ পাৰিকৰ কন্যা স্নেহাই তেওঁৰ স্কুলীয়া শিক্ষা মালিগাঁৱৰ St.Mary’s School বিদ্যালয়ৰ পৰা সম্পূৰ্ণ কৰি Sai RNS Academy-ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষাগ্ৰহণ কৰাৰ সমান্তৰালকৈ Allen Academy-ৰ পৰা JEE-ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

স্নেহাই এতিয়া দেশৰ কোনোবা এখন IIT-ত কম্পিউটাৰ ছায়েন্সত ইঞ্জিনিয়াৰিং কৰিব বুলি জানিব দিছে। 

Allen Academy-এ জনোৱা মতে ৩০০-ৰ ভিতৰত ৩০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা স্নেহা হৈছে JEE Mains-ত ১০০ শতাংশ লাভ কৰা ২৪ গৰাকী প্ৰাৰ্থীৰ অন্যতম।

লগতে পঢ়ক – ইছৰোৰ ইতিহাস সৃষ্টি কৰি নতুন ৰকেট SSLV উৎক্ষেপণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply