ৰাজ্য চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়িবলৈ কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও এইবাৰ শিক্ষা মন্ত্ৰী গৃহ সমষ্টিতেই একাংশ শিক্ষকে বুঢ়া আঙুলি দেখুৱাই চাহৰ খৰছ নামত উৎকোচ লোৱা তথ্য পোহৰলৈ আহিছে।
ধেমাজী জিলাৰ শান্তিপুৰ ৰঙা নৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বিৰাজ শইকীয়াৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডখন অহা নাছিল।
এডমিট কাৰ্ড খন নহা কাৰণে ছাত্ৰ জনৰ দেউতাকে স্কুলৰ প্ৰধান শিক্ষকক লগ ধৰি সোধা পোছা কৰাত , প্ৰধান শিক্ষকে কৈছিল যে বিৰাজ শইকীয়া নামৰ লৰা জনে ফৰ্ম ফিলাপ আৰু এটা বাচনি পৰীক্ষাৰ পৰা বিৰত থকা কাৰণে তাৰ এডমিট অহা নাই ।
ইয়াৰ পিছতো প্ৰধান শিক্ষক আৰু কেৰানী জনে কথা বাৰ্তাত চাহৰ তামোলৰ খৰছ এটা দিলে এডমিট আনি দিম বুলি কৈছিল ।
এতিয়া পৰীক্ষা আৰম্ভ হ’বলৈ হাতত মাত্ৰ কেইটামান দিন ছাত্ৰজনৰ এডমিট আহি নাপালেহি। দেউতাকৰ অভিযোগ নোৱাৰা কাম এটা কৰি দিম বুলি প্ৰধান শিক্ষকে আভুৱাভৰা কামটো কৰিব নালাগিছিল।