গুৱাহাটী: অহা ৭ জুনত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা ঘোষণা কৰে।
আজি টুইট কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে পৰীক্ষাৰ ফলাফলৰ কথা।
উল্লেখযোগ্য যে এইবাৰ ৰাজ্যখনৰ প্ৰায় ৩.৫ লাখ ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে পৰীক্ষাৰ্থীসকলে ছেবাৰ বিভাগীয় ৱেবছাইট sebaonline.org বা resultsassam.nic.in-ত গৈ নিজৰ ফলাফল লাভ কৰিব পাৰিব।
অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে ছেবাৰ তৰফৰ পৰা ফলাফল সম্পৰ্কত কোনো আনুষ্ঠানিক ঘোষণা কৰে।
লগতে পঢ়ক – দক্ষিণ কামৰূপৰ তেজপুৰত ৰেলৰ চেপাত এজনৰ মৃত্যু