নিউজ ডেস্ক: গুৱাহাটী আই আই টি QS World University Rankings (WUR) 2023-ৰ ১১ নম্বৰ স্থানলৈ উন্নীত হোৱাৰ লগতে বিশ্বৰ সামগ্ৰিক ৩৮৪ স্থানলৈ উন্নীত হৈছে। যোৱা বছৰ আই আই টি গুৱাহাটী বিশ্বৰ ৩৯৫ স্থানত আছিল। বৃহস্পতিবাৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানটোৱে এই কথা সদৰী কৰে।
আনহাতে, উক্ত ৰেংকিং অনুসৰি Citations per Faculty শিতানত প্ৰতিষ্ঠানটো ৯৬.৩ শতাংশ স্ক’ৰেৰে বিশ্বৰ ৩৭ নম্বৰ স্থানত আছে। এক বিবৃতিৰ জৰিয়তে এইয়া তেওঁলোকৰ বাবে এক ডাঙৰ প্ৰাপ্তি বুলি প্ৰতিষ্ঠানটোয়ে প্ৰকাশ কৰিছে।
বুধবাৰে প্ৰকাশ পোৱা QS World University Rankings 2023–ৰ হিচাপত ২০১৪ চনৰ পৰা চলিত বৰ্ষলৈ আই আই টি গুৱাহাটীয়ে কমেও ২১৭ টা স্থান আগবাঢ়িছে। ২০১৪ চনত প্ৰতিষ্ঠানটোৱে ৬০১-৬৫০ নম্বৰ স্থানত থকাৰ বিপৰীতে এইবছৰ ৩৮৪ স্থানত উপনীত হৈছে।
প্ৰতিষ্ঠানটোৰ এই সফলতাত আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰামে ইয়াক এক গৌৰৱৰ কথা বুলি উল্লেখ কৰাৰ লগতে ফেকাল্টি আৰু ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায়।
তেওঁ কয়, ‘‘তেওঁলোকৰ কৃতিত্বসমূহ গ্ল’বেল ৰেংকিঙত আমাৰ অবিৰত সফলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি উচ্চমানৰ গৱেষণাত মনোনিৱেশ কৰি যাম আৰু দৃঢ়তাৰে বিশ্ব ৰেংকিঙত আগুৱাই যাম।‘’
উল্লেখযোগ্য যে ২০০৪ চনৰ পৰা প্ৰকাশ পাই অহা QS World University Rankings-ত প্ৰতিষ্ঠানসমূহৰ শৈক্ষিক সুনাম, নিয়োগকৰ্তাৰ সুনাম, অধ্যাপক-ছাত্ৰ অনুপাত,citations per faculty, আন্তঃৰাষ্ট্ৰীয় অধ্যাপক অনুপাত (international faculty ratio), আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ অনুপাত (international student ratio), নিয়োগৰ ফলাফল আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা নেটৱৰ্কৰ দিশসমূহ বিবেচনা কৰা হয়।
QS World University Rankings-ত ২০২৩ চনত ২৪৬২ খন প্ৰতিষ্ঠানৰ বিশ্লেষণ কৰা হয় আৰু ভাৰতৰ ৪১ খন প্ৰতিষ্ঠানকে ধৰি ১৪২২ খন প্ৰতিষ্ঠানক ৰেংক দিয়া হয়।
বিবৃতিটোত লগতে কোৱা হৈছে যে ২০১৪ চনত আই আই টি গুৱাহাটী ভাৰতৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছিল যি ৫০ বছৰৰ তলৰ বিশ্বৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান দখল কৰিছিল।
লগতে পঢ়ক – ৰচিদুলে মোবাইল ফোন চুৰ কৰি বিক্ৰী কৰিছিল ৰবিন্দ্ৰক : দুয়ো আটক